মুখ্যপৃষ্ঠা » খবৰ

» ব্যৱসায়

»Barsha Rani Bishaya : ককাকৰ আদৰ্শৰে বিকল্পৰ অভিযান বৰ্ষা ৰাণী বিষয়াৰ। দীৰ্ঘদিনৰ সপোন পূৰণৰ আশা।

Barsha Rani Bishaya : ককাকৰ আদৰ্শৰে বিকল্পৰ অভিযান বৰ্ষা ৰাণী বিষয়াৰ। দীৰ্ঘদিনৰ সপোন পূৰণৰ আশা।

News18 Assam | News18-Assam
Updated:July 26, 2021, 1:24 PM IST
Barsha Rani Bishaya : ককাকৰ আদৰ্শৰে বিকল্পৰ অভিযান বৰ্ষা ৰাণী বিষয়াৰ। দীৰ্ঘদিনৰ সপোন পূৰণৰ আশা।

  • Share this:
অসমৰ অভিনয় জগতত ইতিমধ্যে নিজৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ কৰিবলৈ সক্ষম হোৱা অভিনেত্ৰী বৰ্ষা ৰাণী বিষয়া (Barsha Rani Bishaya)ই মনত গোপনে পুহি ৰাখিছে আন কিবা হোৱাৰ। এতিয়াও অভিনয় জগতত দপদপাই থকা বৰ্ষাৰাণী বিষয়াই কি হ'ব বিচাৰে।

আজি ছচিয়েল মিডিয়াত দিয়া এক পোষ্টত বৰ্ষাৰাণীয়ে কৈছে তেওঁৰ মনৰ কথা। ইয়াকে কওতে নিজৰ আজো ককাকৰ কথাও মনত পেলাইছে বৰ্ষাই। ককাকৰ আদৰ্শেৰে আগবাঢ়িব বিচাৰিছে বৰ্ষাৰাণী বিষয়াই। উল্লেখ কৰিছে নিজৰ পিতৃৰ কথাও। এই পোষ্টটোত লিখা মতে বৰ্ষা ৰাণী বিষয়াই সদায় এগৰাকী উদ্যোগী (Entrepreneur) হোৱাৰ সপোন দেখি আহিছে। ইতিমধ্যে তেওঁ হেপী কৰ্ণা (Happy Corner)ৰ নামৰ এখন ফাষ্ট ফুড কৰ্ণাৰ আৰম্ভ কৰিছে। কিন্তু এইবাৰ তেওঁ মন মেলিছে আন এক ব্যসায়লৈ।

বৰ্ষাই লিখা মতে তেওঁ এইবাৰ মনোনিবেশ কৰিছে মীন পালন (Fishery)ত। অসমত এক প্ৰচূৰ সম্ভানপূৰ্ণ উদ্যোগ হৈছে মীন পালন। বৰ্ষাই লিখিছে, আমাৰ আজোককাৰ দিনৰে পৰা আমাৰ পৰিয়ালটো মৎস্য উদ্যোগৰ সৈতে জড়িত। দেউতাই যদিও প্ৰথমে LPGৰ ব্যৱসায় আৰু পিছলৈ ফিল্ম উদ্যোগৰ সৈতে জড়িত হৈ পৰিল, তথাপি সুৰকৈ হ'লেও তেওঁ ককাহঁতৰ পৰম্পৰা এৰি দিয়া নাছিল। মইও অভিনয়ৰ লগতে সদায় এগৰাকী উদ্যোগী হ'ব বিচাৰিছিলোঁ। এই মহামাৰীয়ে এই দিশত অধিক জোৰ দিবলৈ বাধ্য কৰাত অৱশেষত হেপী কৰ্ণাৰৰ (Happy Corner) পিছত এইবাৰ মৎস্য পালনত মননিবেশ কৰিব বিচাৰিছোঁ। বহু দূৰ যাবলৈ বাকী আছে। আশা কৰোঁ মই মোৰ পথত অটল থাকিব পাৰিম।"



মীন পালনৰ আৰম্ভণিৰ বিষয়া এটা ভিডিঅ'ও ছেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে।বৰ্ষাৰাণীৰ এই নতুন প্ৰচেষ্টা সফল হোৱাৰ কামনাৰে তেওঁ পোষ্টত কমেণ্ট কৰিছে অলেখ গুণমুগ্ধই।
Published by: Manjumoni Borah
First published: July 26, 2021, 1:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি