• Home
  • »
  • News
  • »
  • business
  • »
  • Aadhaar-UAN Linking Deadline: আজিয়েই অন্তিম সুযোগ, আধাৰ আৰু ইউএএন লিংক কৰক, অন্যথা পৰিব পাৰে ভীষণ সমস্যাত

Aadhaar-UAN Linking Deadline: আজিয়েই অন্তিম সুযোগ, আধাৰ আৰু ইউএএন লিংক কৰক, অন্যথা পৰিব পাৰে ভীষণ সমস্যাত

আধাৰ-পিএফ একাউণ্ট লিংক কৰক

আধাৰ-পিএফ একাউণ্ট লিংক কৰক

Aadhaar-UAN Linking Deadline : যদি আপুনি আধাৰ আৰু UAN সংযোগ নকৰে তেন্তে আপোনাৰ নিয়োগকৰ্তাই ১ ডিচেম্বৰ, ২০২১ৰ পৰা কৰ্মচাৰীৰ ইপিএফ একাউণ্টত তেওঁৰ মাহিলী বৰঙণী জমা কৰিব নোৱাৰিব।

  • Share this:
যদি আপোনাৰ আধাৰ নম্বৰ (Aadhaar Number) আৰু পিএফ একাউণ্ট (PF Account)ৰ সৈতে উপলব্ধ ইউনিভাৰ্চেল একাউণ্ট নম্বৰ  (Universal Account Number, UAN ) এতিয়াও লিংক কৰা হোৱা নাই তেন্তে আজিয়েই অন্তিম সুযোগ। যদি আপুনি আজিয়েই মানে ৩০ নৱেম্বৰ, ২০২১ৰ ভিতৰত আপোনাৰ UAN আৰু আধাৰ নম্বৰৰ সৈতে সংযোগ নকৰে তেন্তে আপুনি যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব পাৰে। যদি আপুনি আধাৰ আৰু UAN সংযোগ নকৰে তেন্তে আপোনাৰ নিয়োগকৰ্তাই ১ ডিচেম্বৰ, ২০২১ৰ পৰা কৰ্মচাৰীৰ ইপিএফ একাউণ্টত তেওঁৰ মাহিলী বৰঙণী জমা কৰিব নোৱাৰিব। একে সময়তে, কৰ্মচাৰীজনৰ বাবেও তেওঁৰ পিএফ প্ৰত্যাহাৰ কৰা কঠিন হ'ব।

EPFO Websiteৰ জড়িয়তে লিংক কৰক
– প্ৰথমে EPFO ৰ অফিচিয়েল ৱেবছাইট চাওক।
– ইয়াৰ বাবে https://unifiedportal-mem.epfindia.gov.in/memberinterface/ ক্লিক কৰক।
– তাৰ পিছত আপোনাৰ UAN আৰু পাছৱৰ্ডৰ সৈতে লগইন কৰক।
– তাৰ পিছত Manage শাখাত KYC বিকল্পত ক্লিক কৰক।
– এতিয়া EPF একাউণ্টৰ সৈতে আধাৰ সংযোগ কৰিবলৈ বহুতো নথিপত্ৰ দেখা যাব।
এতিয়া Aadhaar বিকল্প টো বাছনি কৰক আৰু আপোনাৰ আধাৰ নম্বৰ আৰু আধাৰ কাৰ্ডত থকা আপোনাৰ নাম টাইপ কৰক আৰু সেৱাটোত ক্লিক কৰক।
ইয়াৰ পিছত প্ৰদান কৰা তথ্য সুৰক্ষিত কৰা হ'ব আৰু আপোনাৰ আধাৰ UIDAI তথ্যৰ দ্বাৰা পৰীক্ষা কৰা হ'ব।
আপোনাৰ KYC নথিপত্ৰ শুদ্ধ হ'লে আপোনাৰ আধাৰ আপোনাৰ EPF একাউণ্টৰ সৈতে লিংক কৰা হ'ব।

UMANG Appৰ সৈতে কেনেদৰে লিংক কৰিব?
–  Google Play Store বা Apple iOSৰ জৰিয়তে UMANG এপ ডাউনলোড কৰক।
– EPFO  লিংকত ক্লিক কৰক।
– 'EKYC Services)' টেপ কৰক।
–  Aadhaar Seeding বিকল্পটো বাছনি কৰক আৰু আপোনাৰ UAN সাজু ৰাখক।
– UAN নম্বৰ ভৰাওক আৰু OTP আপোনাৰ ফোন নম্বৰলৈ প্ৰেৰণ কৰা হ'ব।
– এতিয়া আপুনি সকলো বিৱৰণ দাখিল কৰিব লাগিব।
ইয়াৰ পিছতে আপোনাৰ Aadhaar আপোনাৰ UAN নম্বৰৰ সৈতে লিংক কৰা হ'ব।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Manjumoni Borah
First published: