মুখ্যপৃষ্ঠা » খবৰ

» ব্যৱসায়

»DA Hiked, 7th Pay Commission : সপ্তম দৰমহা আয়োগৰ মতে বাঢ়িল DA, লাভ হ'ব এইকেইখন ৰাজ্যৰ কৰ্মচাৰীৰ...

DA Hiked, 7th Pay Commission : সপ্তম দৰমহা আয়োগৰ মতে বাঢ়িল DA, লাভ হ'ব এইকেইখন ৰাজ্যৰ কৰ্মচাৰীৰ...

Manjumoni Borah | News18-Assam
Updated:August 5, 2021, 8:04 PM IST
DA Hiked, 7th Pay Commission : সপ্তম দৰমহা আয়োগৰ মতে বাঢ়িল DA, লাভ হ'ব এইকেইখন ৰাজ্যৰ কৰ্মচাৰীৰ...
কেন্দ্ৰীয় চৰকাৰে আজি মৰগীয়া বানচ ১৭ শতাংশৰ পৰা ২৮ শতাংশলৈ বৃদ্ধি কৰিছে। এই বৃদ্ধিৰ পৰা লাভৱান হ'ব কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ ৪৮ লাখ কৰ্মচাৰী।

কেন্দ্ৰীয় চৰকাৰে আজি মৰগীয়া বানচ ১৭ শতাংশৰ পৰা ২৮ শতাংশলৈ বৃদ্ধি কৰিছে। এই বৃদ্ধিৰ পৰা লাভৱান হ'ব কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ ৪৮ লাখ কৰ্মচাৰী।

  • Share this:
কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিলে মৰগীয়া বানচ (DA)। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এই ভাল খবৰ দিছে কেন্দ্ৰই। চলিত বছৰৰ দুলাই মাহৰ পৰা প্ৰযোজ্য হোৱাকৈ দিয়া হৈছে এই মৰগীয়া বানচ। এই বৃদ্ধিৰ পৰা লাভৱান হ'ব কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ ৪৮ লাখ কৰ্মচাৰী। ইয়াৰ পৰা ৬৫ লাখ পেন্সনাৰো লাবাৱান হ'ব। কেন্দ্ৰীয় চৰকাৰে এই ঘোষণা কৰাৰলগে লগে কেইখনমান ৰাজ্য চৰকাৰেও ঘোষণাকৰিছে মৰগীয়া বানচ বৃদ্ধিৰ।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে আজি মৰগীয়া বানচ ১৭ শতাংশৰ পৰা ২৮ শতাংশলৈ বৃদ্ধি কৰিছে। লগতে এই কথাটোও উল্লেখ্য যে চৰকাৰে ২০২১ চনৰ ১ জানুৱাৰীৰ পৰা ৩০ জুনলৈ কোনো ধৰণৰ মৰগীয়া বানচ নিদিয়ে কৰ্মচাৰীক। নতুনকৈ বৰ্ধিত মৰগীয়া বানচ দিবলৈ কেন্দ্ৰীয় চৰকাৰে ভৰিব লাগিহ ৩৪ হাজাৰ ৪০১ কোটি টকা।

উল্লেখ্য যে বছৰত দুবাৰ কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰী আৰু পেন্সনাৰৰ বাবে মৰগীয়া ভাট্টা বৃদ্ধি কৰে।

ইপিনে কেন্দ্ৰীয় চৰকাৰৰ ঘোষণাৰ লগে লগে কেইখনমান ৰাজ্য চৰকাৰে কৰিলে মৰগীয়া বানচ বৃদ্ধিৰ ঘোষণা। এই ৰাজ্য কেইখন হৈছে উত্তৰ প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, ঝাৰখণ্ড, হাৰিয়ানা, কৰ্ণাটক আৰু ৰাজস্থান।

একমাত্ৰ কৰ্ণাটকক বাদ দি আটাইকেইখন ৰাজ্যতে ২৮ শতাংশলৈ বৃদ্ধি কৰা হৈছে মৰগীয়া বানচ। আনহাতে কৰ্ণাটকত মৰগীয়া বানচ বৃদ্ধি কৰা হৈছে ২১.৫ শতাংশলৈ।
Published by: Manjumoni Borah
First published: August 5, 2021, 8:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি