Xiaomiএ ইয়াৰ গ্ৰাহকসকলক কম মূল্যত বহুতো বিশেষ সুবিধা প্ৰদান কৰে। তেনে ক্ষেত্ৰত, যদি আপুনি নতুন ফোন এটা পাবলৈ পৰিকল্পনা কৰে, আপোনাৰ বাবে ভাল খবৰ। দৰাচলতে Xiaomiএ ইয়াৰ জনপ্ৰিয় ফোন Redmi 9 Powerত ডাঙৰ ৰেহাই দি আছে। ৪ জিবি+৬৪ জিবি ৰেডমি ৯ পাৱাৰ ১১,৪৯৯ টকাত উপলব্ধ কৰা হৈছে, আনহাতে ফোনটোৰ ৪ জিবি ৰেম+১২৮ জিবি মডেলৰ মূল্য ১১,৯৯৯ টকা আৰু শেষত ৬ জিবি+১২৮ জিবি ষ্ট'ৰেজ ১৩,৪৯৯ টকাত উপলব্ধ কৰা হৈছে।
কিন্তু অফাৰৰ অধীনত, যদি আপুনি আপোনাৰ Redmi 9 ছিৰিজৰ ডিভাইচ বিনিময় কৰে, আপোনাক ১ হাজাৰ টকাৰ ৰেহাই দিয়া হ'ব। লগতে আপুনি মাত্ৰ ২,৪৯৯ টকাত ৱাইফাই স্মাৰ্ট স্পীকাৰ ক্ৰয় কৰিব পাৰে।
Redmi 9 Powerত 6.53 ইঞ্চিৰ ফুল-HD+ ডট নচ ডিচপ্লে আছে। এই ফোনটোৱে শেহতীয়া এমআইইউআই ১২ অপাৰেটিং চিষ্টেমত কাম কৰে।

আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে ৬০০০mAh বেটাৰি
কেমেৰালৈ আহোঁতে, আপুনি ৪৮ মেগাপিক্সেল প্ৰাথমিক কেমেৰা চেন্সৰ, এটা আল্ট্ৰা-ৱাইড-এংগল লেন্সৰ সৈতে ৮ মেগাপিক্সেল ছেকেণ্ডাৰী চেন্সৰ, ২ মেগাপিক্সেল মেক্ৰো শ্বুটাৰ আৰু ২ মেগাপিক্সেল ডেথ চেন্সৰ পাব। আপুনি ছেলফিৰ বাবে এই স্মাৰ্টফোনৰ সন্মুখত ৮ মেগাপিক্সেল কেমেৰা চেন্সৰ এটাও পাব।
সংযোগৰ বাবে, এই ফোনটোত 4G VoLTE, ডুৱেল-বেণ্ড Wi-Fi, Bluetooth v5.0, GPS/ A-GPS, infrared (IR) blaster, USB Type-C, 3.5mm হেডফোন জেক প্ৰদান কৰা হয়।
Published by: Kokil Sarma
FIRST PUBLISHED : September 27, 2021, 16:59 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।