உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • business
    • »
    • Rs 500 Notes : ৫০০ টকীয়া নোটক লৈ ডাঙৰ খবৰ, আপোনাৰ লগতো আছে যদি এনে ৫০০ টকীয়া নোট তেন্তে জানি লওক কি কৰিব

    Rs 500 Notes : ৫০০ টকীয়া নোটক লৈ ডাঙৰ খবৰ, আপোনাৰ লগতো আছে যদি এনে ৫০০ টকীয়া নোট তেন্তে জানি লওক কি কৰিব

    Rupees 500 Notes : ৫০০ টকীয়া নোটক লৈ এটা ডাঙৰ খবৰ পোহৰলৈ আহিছে য'ত কোৱা হৈছে যে আপোনাৰ সৈতেও যদি এনে ধৰণৰ নোট আছে তেন্তে সাৱধান হৈ যাওক।

    Rupees 500 Notes : ৫০০ টকীয়া নোটক লৈ এটা ডাঙৰ খবৰ পোহৰলৈ আহিছে য'ত কোৱা হৈছে যে আপোনাৰ সৈতেও যদি এনে ধৰণৰ নোট আছে তেন্তে সাৱধান হৈ যাওক।

    Rupees 500 Notes : ৫০০ টকীয়া নোটক লৈ এটা ডাঙৰ খবৰ পোহৰলৈ আহিছে য'ত কোৱা হৈছে যে আপোনাৰ সৈতেও যদি এনে ধৰণৰ নোট আছে তেন্তে সাৱধান হৈ যাওক।

    • Share this:
    কেন্দ্ৰীয় চৰকাৰে বিমুদ্ৰাকৰণ কৰাৰ পিছতে প্ৰায়েই নোট আৰু মুদ্ৰাক লৈ নানাধৰণৰ বাতৰি পোহৰলৈ আহি আছে। শেহতীয়াকৈ এনে এটা ভিডিঅ' ভাইৰেল (Viral Video) য'ত ৫০০ টকীয়া নোট (Rs 500 Note)ক লৈ বিভিন্ন কথা কোৱা কৈছে।

    এই ভিডিঅ'টোত দুখন ৫০০ টকীয়া নোট লৈ নোট দুখনৰ মাজত পাৰ্থক্য দেখুওৱা হৈছে। ইয়াৰে এখন ৫০০ টকীয়া নোটক জাল নোট বুলি কোৱা হৈছে ভিডিঅ'টোত। এই ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছতে পিআইবি (PIB)য়ে ইয়াৰ সত্যতাক লৈ ফেক্ট চেক কৰে।

    এই ভিডিঅ'টোত জনতাক এইদৰে সাৱধান কৰি দিছে যে যিবোৰ ৫০০ টকীয়া নোটত সেউজীয়া লাইনটো আৰবিআইৰ গভৰ্ণৰ (RBI Governor)ৰ কাষত থকাৰ সলনি গান্ধিজী (Gandhiji)ৰ কাষত থাকে সেইবোৰ ৫০০ টকীয়া নোট ল'ব নালাগে।

    READ| ATMৰ পৰা টকা উলিওৱাৰ নিয়মত সলনি, নতুন বছৰৰ পৰাই হ'ব নতুন নিয়ম! জানোঁ আহক সবিশেষ...

    ফেক ভিডিঅ' (Fake Video)

    পিআইবিৰ অনুসন্ধানত এইটো পোৱা গৈছে যে এই ভিডিঅ'টো এটা ফেক  ভিডিঅ'। ইয়াত দেখুওৱা তথ্যখিনি সত্যনহয়, বৰং সম্পূৰ্ণ মিছা। এআচলতে এই ভিডিঅ'টোত দেখুওৱা দুয়োখন নোটেই বৈধ আৰু মান্য। ইয়াৰে এখনো জালনোট নহয়।

    আপুনিও কৰিব পাৰে ফেক্ট চেক (Fact Check)

    যদি আপোনাৰ ওচৰতো এনেধৰণৰ ৰহস্যজনক বা সন্দেহজনক খবৰ বা ভিডিঅ'ই চৰ্চা লাভ কৰা দেখে তেন্তে আনিও ইয়াৰ সত্যতা নিৰূপণৰ বাবে পিআইবিৰ দ্বাৰা ফেক্ট চেক কৰাব পাৰে। ইয়াৰ বাবে  অফিচিয়েল ৱেবছাইট https://factcheck.pib.gov.in/ত গৈ জনাব লাগিব। নাইবা আপুনি হোৱাটছএপ নম্বৰ +918799711259ত জনাব পাৰে বা E-mail- pibfactcheck@gmail.comত মেইল কৰিব পাৰে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Manjumoni Borah
    First published: