মুখ্যপৃষ্ঠা » খবৰ

» ব্যৱসায়

»Old House : ৪ বন্ধুৱে মিলি কিনিছিল ১১০ বছৰ পুৰণি ধ্বংসপ্ৰাপ্ত ঘৰ, এতিয়া তাত এৰাতি থকাৰ খৰচ লাখ টকা।

Old House : ৪ বন্ধুৱে মিলি কিনিছিল ১১০ বছৰ পুৰণি ধ্বংসপ্ৰাপ্ত ঘৰ, এতিয়া তাত এৰাতি থকাৰ খৰচ লাখ টকা।

News18 Assam | News18-Assam
Updated:July 28, 2021, 3:04 PM IST
Old House : ৪ বন্ধুৱে মিলি কিনিছিল ১১০ বছৰ পুৰণি ধ্বংসপ্ৰাপ্ত ঘৰ, এতিয়া তাত এৰাতি থকাৰ খৰচ লাখ টকা।
১৯১২ চনত এজন ধনী সদাগৰে নিজৰ পত্নীৰ নামত এই ঘৰটো নিৰ্মাণ কৰাইছিল। ২০১০ চনত এই ঘৰটো ৪ বন্ধুৱে কিনিছিল।

১৯১২ চনত এজন ধনী সদাগৰে নিজৰ পত্নীৰ নামত এই ঘৰটো নিৰ্মাণ কৰাইছিল। ২০১০ চনত এই ঘৰটো ৪ বন্ধুৱে কিনিছিল।

  • Share this:
কথাতে কয় মনত ইচ্ছা থাকিলে শিলৰ পৰাও মুকুতা আহৰণ কৰিব পাৰি। এনে এক ঘটনাই সংঘটিত হৈছে ৪জন বন্ধুৰ ক্ষেত্ৰত। এই ৪ বন্ধুৱে মিলি কিনিছিল এটা পুৰণি প্ৰায় ধ্বংসপ্ৰাপ্ত ঘৰ। বহুতেই কৈছিল এইয়া তেওঁলোকে মাৰাত্মক ভুল কৰিছে, জীৱনৰ ডাঙৰ ভুল কৰা বুলি বহুতে কৰিছিল সমালোচনা। কিন্তু ৪ বন্ধুৱে কাৰো কথা নুশুনিলে। তেওঁলোকে সকলো প্ৰত্যাহ্বান নেওচি ঘৰটো ৰিনোভেট কৰিলে আৰু আজি ৪ বছৰ ধৰি সেই ঘৰটোত থাকিবলৈ মানুহে এক ৰাতিত লাখ টকা খৰচ কৰিবলৈও কুণ্ঠাবোধ নকৰে।

এই কাহিনীটো হৈছে শ্ৰীলংকাৰ ডীন শ্বাৰ্প আৰু তেওঁৰ ৪ বন্ধুৰ। প্ৰথমে এই পুৰণি ঘৰটো দেখি আকৃষ্ট হৈছিল ডীন আৰু লগে লগে তেওঁ তিনি বন্ধুক কথাটো ক'লে আৰু লগে লগে চাৰিওজনে মিলি ঘৰটো কিনি পেলোৱাৰ সিদ্ধান্ত ল'লে।



এই আটকধুনীয়া অট্টালিকাটো শ্ৰীলংকাৰ ৱেলিগমা নামৰ ঠাইখনত আছে। ১৯১২ চনত এজন ধনী সদাগৰে নিজৰ পত্নীৰ নামত এই ঘৰটো নিৰ্মাণ কৰাইছিল। ২০১০ চনত এই ঘৰটো ডীন শ্বাৰ্প আৰু  বন্ধুৱে কিনিছিল। বৰ্তমান ইয়াৰ নাম দিয়া হৈছে হালালা কাণ্ডা। ৪ বন্ধুৱে ঘৰটো ৰিনোভেট কৰি ভাৰালৈ দিয়াৰ ব্যৱস্থা কৰিছে। ৫টা শোৱনি কোঠা থকা আৰু ৫টা সংলগ্ন বাথৰূম থকা ঘৰটোত এতিয়া একৰাতি থকাৰ খৰচ ১ লাখ টকা। মনোমোহা এই ঘৰটোত ১২ জন লোক থাকিব পাৰে।

২০১০ত যেতিয়া ঘৰটো ডীনে কিনিছিল তেতিয়া ঘৰটোৰ অৱস্থা অতিশয় শোচনীয় আছিল। দেৱালত শেলুৱৈ ধৰিছিল, ছাদবোৰত গছপুলি গজিছিল, কোঠাবোৰত মকৰা জালেৰে ভৰি আছিল আৰু বাদুলিও বাস কৰিছিল, একেবাৰে হৰৰ চিনেমাৰ দৰে। ইমানেই নহয় মজিয়াবোৰৰ পৰা টাইলছবোৰ এৰাই যাব ধিৰিছিল আৰু ছিলিংবোৰ উৱলি গৈছিল। দৰ্জা-খিৰীকিৰ চৌকাঠবোৰত উইয়ে ধৰিছিল।

কিন্তু ইমানৰ পিছতো নিৰাশ হোৱা নাছিল ৪ বন্ধু। তেওঁলোকে ২০১১ চনত ঘৰটো চাৰিওফালে ঘূৰি-পকি ভালকৈ চাই লৈ ৰিনোভেচনৰ বাবে এটা সুন্দৰ পৰিকল্পনা তৈয়াৰ কৰিলে। ৪ মাহ ধৰি ঘৰটো ভাঙিলে ৪ বন্ধুৱে। তাৰ পিছত পুনৰবাৰ ঘৰটো সাজি উলিয়ালে প্ৰায় একেই ডিজাইনত। তাৰ লগতে বিজুলী সংযোোগ আৰু ৰানিং ৱাটাৰৰ ব্যৱস্থা কৰিলে ৪ বন্ধুৱে। ইয়াৰ পূৰ্বে ঘৰটোত কুৱাৰ পানী ব্যৱহাৰ কৰা হৈছিল।

৪ বন্ধুৱে ঘৰটো ধুনীয়াকৈ সজাই তুলিলে। ঘৰটোৰ ইণ্টেৰিয়ৰ আৰু এক্সটেৰিয়ৰ অতি ছিম্পলকৈ ৰখা হৈছে কিন্তু ঘৰটোৰ প্ৰতিটো কোণতে দিয়া হৈছে এক ৰাজকীয় লুক। নতুন ঘৰটোত এটা ছুইমিং পুলো নিৰ্মাণ কৰি দিছে ৪ বন্ধুৱে। উল্লেখ্য যে তেওঁলোকে ঘৰটো কিনিছিল তিনি কোটি ২২ লাখ টকাত আৰু এতিয়া তেওঁলোকে প্ৰতিদিনে উপাৰ্জন কৰে দৈনিক এক লাখ টকা। যি সকল লোকে আৰম্ভণিতে তেওঁলোকক সমালোচনা কৰিছিল আজি তেওঁলোকেই ৪ বন্ধুক প্ৰশংসা কৰে। শ্ৰীলংকাৰেই নহয় বিদেশী পৰ্যটকৰো এই ঘৰটো এক আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে।
Published by: Manjumoni Borah
First published: July 28, 2021, 3:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি