সকলোৱে এনে এটা ঠাইত বিনিয়োগ কৰিব বিচাৰে, যাতে ভৱিষ্যতে কোনো অসুবিধাৰ সৃষ্টি নহয়। কিয়নো কিছুমান প্ৰতিষ্ঠান আছে, যিবোৰে নানা কথা কৈ বিনিয়োগৰ বাবে গ্ৰাহকক আকৰ্ষণ কৰি পিছত পলায়ন কৰে। গতিকে স্বাভাৱিকতে মানুহে সুৰক্ষিত আৰু লাভজনক ঠাইত বিনিয়োগ কৰিবলৈ পালে ভাল পায়।
এইক্ষেত্ৰত আমি আপোনাক এনে এখন আঁচনিৰ বিষয়ে ক'বলৈ গৈ আছোঁ, যি আপোনাৰ ভৱিষ্যৎ সুৰক্ষিত কৰিব পাৰে। যদি আপুনি ক'ৰবাত জব কৰে আৰু আপোনাৰ পত্নী ঘৰত থাকে, তেন্তে এই বাতৰিটোৱে আপোনাৰ বাবে যথেষ্ট অৰ্থ বহন কৰিব পাৰে। আপুনি কমকৈ বিনিয়োগ কৰি আপোনাৰ পত্নীৰ ভৱিষ্যৎ উজ্জ্বল কৰিব পাৰে (You can brighten your wife's future by Investing)।
এইক্ষেত্ৰত, আপুনি আপোনাৰ পত্নীৰ নামত এটা নিউ পেন্সন ছিষ্টেম একাউণ্ট (NPSA) খুলিব পাৰে। যেতিয়া পত্নীৰ বয়স ৬০ বছৰ হ'ব, এন পি এছে মুঠ পৰিমাণ পৰিশোধ কৰিব আৰু প্ৰতিমাহে একাউণ্টত বৃহৎ পেঞ্চনো আহিব।
আপুনি নিউ পেন্সন ছিষ্টেম একাউণ্টত থকা সুবিধা অনুসৰি প্ৰতি মাহে বা বাৰ্ষিক হিচাপত ধন জমা কৰিব পাৰে। আপুনি আপোনাৰ পত্নীৰ নামত মাত্ৰ ১০০০ টকাৰ পৰা New Pension System Account খুলিব পাৰে। ৬০ বছৰ বয়সত এন পি এছ একাউণ্ট পৰিপক্ব হয়।
প্ৰক্ৰিয়াটো জানি লওক
যদি আপোনাৰ পত্নীৰ বয়স ৩০ বছৰ আৰু আপুনি তেওঁৰ এনপিএছ একাউণ্টত প্ৰতি মাহে ৫০০০ টকা বিনিয়োগ কৰে। এই বিনিয়োগৰ ওপৰত বছৰি ১০ শতাংশ ৰিটাৰ্ন লাভ কৰে, তেওঁৰ একাউণ্টত ৬০ বছৰ বয়সত মুঠ ১.১২ কোটি টকা থাকিব। তেওঁ ইয়াৰ পৰা সহজে প্ৰায় ৪৫ লাখ টকা লাভ কৰিব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, প্ৰতি মাহে পত্নীয়ে গোটেই জীৱনৰ বাবে ৪৫,০০০ টকাৰ পেঞ্চন লাভ কৰি থাকিব।
কিমান পেঞ্চন পাব?বয়স- ৩০ বছৰ
-বিনিয়োগৰ মুঠ ম্যাদ ৩০ বছৰ।
-মাহিলি অৱদান ৫,০০০ টকা।
-বিনিয়োগৰ ওপৰত আনুমানিক লাভ ১০%।
মুঠ পেঞ্চন পুঁজি- ১,১১,৯৮,৪৭১ টকা (ম্যাদপূৰ্তিৰ পিছত প্ৰত্যাহাৰ কৰিব পাৰি)
এনুইটি আঁচনি ক্ৰয়ৰ পৰিমাণ- ৪৪,৭৯,৩৮৮ টকা/S
আনুমানিক এনুইটি ৰেট ৮ শতাংশ- ৬৭,১৯,০৮৩ টকা।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|