உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • bengaluru
    • »
    • Zubeen Garg: কণমানি জীউৰ বাবে জুবিনৰ চিন্তা। ছচিয়েল মিডিয়াত আৱেগিক পোষ্টযোগে জীউক সহায়ৰ আহ্বান।

    Zubeen Garg: কণমানি জীউৰ বাবে জুবিনৰ চিন্তা। ছচিয়েল মিডিয়াত আৱেগিক পোষ্টযোগে জীউক সহায়ৰ আহ্বান।

    দৰং জিলাৰ মৃদুল কলিতা নামৰ এজন লোকৰ পুত্ৰ কণমানি জীউ যকৃতৰ জটিল ৰোগত আক্ৰান্ত। জীউৰ মাকো আক্ৰান্ত হৈ আছে দুৰাৰোগ্য ৰোগত। সহায়ৰ আহ্বান জুবিনৰ।

    • Share this:
    জীৱনৃ-মৃত্যুৰ সৈতে বৰ্তমান বেংগালুৰুৰ নাৰায়ণা হাস্পতালত যুঁজি আছে কণমানি জীউ। দৰং জিলাৰ মৃদুল কলিতা নামৰ এজন লোকৰ পুত্ৰ কণমানি জীউ। জীউৰ জীৱন ৰক্ষাৰ বাবে ছচিয়েল মিডিয়াযোগে অসমবাসীলৈ আহ্বান জনাইছে জুবিন গাৰ্গে।

    জুবিনে লিখা মতে কণমানি জীউৰ খুব কম সময়তে লিভাৰ ট্ৰান্সপ্লাণ্টৰ প্ৰয়োজন। লিভাৰ দান কৰিবলৈ পিতৃ মৃদুল আগবাঢ়ি গৈছিল। মৃদুলৰ স্বাস্থ্য পৰীক্ষাৰ অন্ততহে নিশ্চিত হ’ব হেনো লিভাৰ দানৰ কথা।

    জীউক লিভাৰ দান কৰিবলৈ এজন লোক আগবাঢ়ি আহিছিল যদিও আইনগত বাধাৰ বাবে হেনো হৈ নুঠিল এই কাম। নিজৰ পোষ্টত এইদৰে লিখিছে জুবিনে।

    এই বিপদৰ মাজতে আন এটা বিপদে জুৰুলা কৰিছে মৃদল কলিতাক। যকৃতৰ জটিল ৰোগত ভূগি থকা জীউ আৰু কণমানিটিৰ মাক আক্ৰান্ত হৈ আছে আন এক দুৰাৰোগ্য ৰোগত। এনে পৰিস্থিতিত পৰিয়ালটোৱে দিকবিদিক হেৰুৱাই পেলাইছে।

    পত্নীৰ চিকিৎসাৰ ব্যয়, থকা, খোৱা-লোৱা, জীউৰ ঔষধ কিনিবলৈ প্ৰয়োজন হৈছে যথেষ্ট টকাৰ। জীউৰ চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ব্যৱস্থা লৈছিল যদিও সেয়া পৰ্যাপ্ত হোৱা নাই।

    জীউৰ জীৱন ৰক্ষাৰ বাবে এই বিপদকালত মৃদুল কলিতাৰ পৰিয়ালক অকণমান সহায় কৰিবলৈ আহ্বান জনাইছে জুবিন গাৰ্গে।
    Published by:Manjumoni Borah
    First published: