বাসবৰাজ বোম্মাই(Basavaraj Bommai) কৰ্ণাটক(Karnataka)ৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ পৰ্যবেক্ষক কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে মঙলবাৰে বিজেপি বিধায়িনী দলৰ বৈঠকৰ পিছত এই ঘোষণা কৰে।
বাসবৰাজ বোম্মাই(Basavaraj Bommai) কৰ্ণাটক(Karnataka)ৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ পৰ্যবেক্ষক কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে মঙলবাৰে বিজেপি বিধায়িনী দলৰ বৈঠকৰ পিছত এই ঘোষণা কৰে।
বাসবৰাজ বোম্মাই(Basavaraj Bommai) কৰ্ণাটক(Karnataka)ৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ পৰ্যবেক্ষক কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে মঙলবাৰে বিজেপি বিধায়িনী দলৰ বৈঠকৰ পিছত এই ঘোষণা কৰে। সোমবাৰে দলৰ জ্যেষ্ঠ নেতা বি এছ য়েদিয়ুৰাপ্পাই কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছত ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী বাছনিৰ প্ৰক্ৰিয়াৰ বাবে মঙলবাৰে বিধায়িনী দলৰ এখন বৈঠক আহ্বান কৰা হৈছিল। বৈঠকখনত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব পৰ্যবেক্ষক কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু জি কিষাণ ৰেড্ডীয়েও অংশগ্ৰহণ কৰিছিল।
বাসবৰাজ আগতে য়েদিয়ুৰাপ্পা মন্ত্ৰীসভাত গৃহ মন্ত্ৰী আৰু আইন মন্ত্ৰীৰ দায়িত্বত আছিল। বাসবৰাজ বোম্মাইৰ দেউতাক এছ আৰ বোম্মাই কৰ্ণাটকৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছে। লিঙ্গায়ত সম্প্ৰদায়ৰ বাসিন্দা বাসবৰাজ বোম্মাইক ৰাজ্য চৰকাৰৰ দ্বিতীয় নেতা বুলি গণ্য কৰা হয়। বি.এছ. য়েদিয়ুৰাপ্পাৰ ঘনিষ্ঠ বুলি গণ্য কৰা বোম্মাই 'জনতা পৰিয়াল'ৰ অন্তৰ্ভুক্ত। বোম্মাই ২০০৮ চনত বিজেপিত যোগদান কৰিছিল।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|