মুখ্যপৃষ্ঠা » খবৰ

» বেংগালুৰু

»Covid19 Third Wave : আহিল নেকি কোৰোণাৰ তৃতীয় লহৰ! বেংগালুৰুত ৫ দিনত ২৪২ গৰাকী শিশু কোৰোণাত আক্ৰান্ত

Covid19 Third Wave : আহিল নেকি কোৰোণাৰ তৃতীয় লহৰ! বেংগালুৰুত ৫ দিনত ২৪২ গৰাকী শিশু কোৰোণাত আক্ৰান্ত

News18 Assam | News18-Assam
Updated:August 11, 2021, 3:10 PM IST
Covid19 Third Wave :  আহিল নেকি কোৰোণাৰ তৃতীয় লহৰ! বেংগালুৰুত ৫ দিনত ২৪২ গৰাকী শিশু কোৰোণাত আক্ৰান্ত
representative image

কৰ্ণাটকৰ স্বাস্থ্য বিভাগৰ এজন বিষয়াই কয়, "ডাঙৰ বিপদ আহি আছে, আগন্তুক কেইদিনমানতে শিশু আক্ৰান্তৰ সংখ্যা হ'ব পাৰে তিনিগুণ।"

  • Share this:
কৰ্ণাটকৰ ৰাজধানী বেংগালুৰু (Bengaluru)ত ৫ দিনত ২৪২ গৰাকী শিশু কোৰোণাত আক্ৰান্ত (Corona Positive Child) হোৱা ঘটনাই শংকিত কৰি তুলিছে সকলোকে। বৃহৎ বেংগালুৰু মহানগৰ পালিকা (BBMP)ই জনোৱা মতে ১৯ বছৰৰ তলৰ ২৪২ গৰাকীৰ দেহত ধৰা পৰিছে কোৰোণাৰ ভাইৰাছ। বিশেষজ্ঞসকলে মতপোষণ কৰিছে যে কোৰোণাৰ তৃতীয় লহৰ (Covid19 Third Wave) আৰম্ভ হৈছে।

আক্ৰান্তসকলৰ ভিতৰত ১০৯গৰাকীৰ বয়স ৯ বছৰৰ তলত আৰু ১৩৬ গৰাকীৰ বয়স ৯ৰ পৰা ১৯বছৰৰ ভিতৰত। কৰ্ণাটক স্বাস্থ্য বিভাগে সাৱধানবাণী দিছে যে আগন্তুক দিনত শিশুৰ আক্ৰান্তৰ হাৰ বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ লগে লগেই কোৰোণাৰ তৃতীয় লহৰত শিশু অধিক আক্ৰান্ত হ'ব পাৰে বুলি কৰি থকা আশংকাও যেন সত্য প্ৰমাণিত হৈছে।

কৰ্ণাটকৰ স্বাস্থ্য বিভাগৰ এজন বিষয়াই কয় যে "ডাঙৰ বিপদ আহি আছে, আগন্তুক কেইদিনমানতে শিশু আক্ৰান্তৰ সংখ্যা হ'ব পাৰে তিনিগুণ।" তেওঁ আৰু কয় যে "আমি আমাৰ শিশুসকলক একমাত্ৰ ঘৰৰ ভিতৰত ৰাখিয়েই কোৰোণা তৃতীয় লহৰত আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিম। শিশুসকলৰ ৰোগ প্ৰতিৰোধী ক্ষমতা (immunity) জ্যষ্ঠসকলতকৈ কম হয় আৰু সেয়ে তেওঁলোক সহজে আক্ৰান্ত হোৱাৰ আশংকা থাকে। সেয়ে শিশুসকলক কোনো কাৰণতে ঘৰৰ পৰা বাহিৰলৈ নিনিয়াকৈ থকাটোৱেই হৈছে অভিভাৱকৰ বাবে উত্তম উপায়।"

উল্লেখ্য যে কৰ্ণাটকত যোৱা এমাহত দৈনিক ১৫০০ৰ বেছি লোক কোৰোণাত আক্ৰান্ত হৈ আছিল। শেহতীয়াকৈ ৰাজ্যখনত নৈশ আৰু সাপ্তাহান্তিক সান্ধ্য আইন বলৱৎ কৰা হৈছে। ৰাজ্যখনত প্ৰবেশৰ বাবে লাগিব ৭২ ঘণ্টাৰ ভিতৰৰ RTPCR পৰীক্ষাৰ প্ৰমাণ পত্ৰ। সূত্ৰৰ মতে ১৬ আগষ্টৰ পৰা সমগ্ৰ ৰাজ্যখনতে আংশিক লকডাউন ঘোষণা কৰা হ'ব।
Published by: Manjumoni Borah
First published: August 11, 2021, 3:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি