• Home
  • »
  • News
  • »
  • bengaluru
  • »
  • Covid ৰোগীৰ চিকিৎসাৰ বাবে নিজৰ গাড়ীখন মোবাইল ক্লিনিকলৈ পৰিৱৰ্তন কৰিলে বেংগালুৰুৰ এজন চিকিৎসকে...WhatsApp কৰিলেই খবৰ লয় তেওঁ !

Covid ৰোগীৰ চিকিৎসাৰ বাবে নিজৰ গাড়ীখন মোবাইল ক্লিনিকলৈ পৰিৱৰ্তন কৰিলে বেংগালুৰুৰ এজন চিকিৎসকে...WhatsApp কৰিলেই খবৰ লয় তেওঁ !

ভাৰতত কোভিড-১৯ সংকট (COVID-19 crisis)ৰ মাজতে বাংগালুৰুস্থিত এজন চিকিৎসকে তেওঁৰ গাড়ীখন মোবাইল ক্লিনিকলৈ পৰিৱৰ্তন কৰি কোভিড-১৯ ৰোগীসকলক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰি আছে।

ভাৰতত কোভিড-১৯ সংকট (COVID-19 crisis)ৰ মাজতে বাংগালুৰুস্থিত এজন চিকিৎসকে তেওঁৰ গাড়ীখন মোবাইল ক্লিনিকলৈ পৰিৱৰ্তন কৰি কোভিড-১৯ ৰোগীসকলক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰি আছে।

ভাৰতত কোভিড-১৯ সংকট (COVID-19 crisis)ৰ মাজতে বাংগালুৰুস্থিত এজন চিকিৎসকে তেওঁৰ গাড়ীখন মোবাইল ক্লিনিকলৈ পৰিৱৰ্তন কৰি কোভিড-১৯ ৰোগীসকলক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰি আছে।

  • Share this:
ভাৰতত কোভিড-১৯ সংকট (COVID-19 crisis)ৰ মাজতে বাংগালুৰুস্থিত এজন চিকিৎসকে তেওঁৰ গাড়ীখন মোবাইল ক্লিনিকলৈ পৰিৱৰ্তন কৰি কোভিড-১৯ ৰোগীসকলক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰি আছে। যিকোনো ধৰণৰ কোভিড-১৯ লক্ষণ বা জটিলতাৰ সন্মুখীন হোৱা ৰোগীসকলে তেওঁক হোৱাটছএপত এটা মেছেজ পঠিয়াই তেওঁৰ সহায় বিচাৰিব পাৰে।

যোৱা তিনি সপ্তাহ ধৰি এই সেৱা আগবঢ়োৱা ডাঃ সুনীল কুমাৰ হেব্বিয়ে (Dr. Sunil Kumar Hebbi) এতিয়ালৈকে ২০০ৰো অধিক ৰোগীৰ চিকিৎসা কৰিছে। ডাঃ হেব্বিয়ে ব্ৰুহাট বাংগালুৰু মহানগৰ পালিকে (BBMP) কোভিড ক্লিনিকত নিশা ৮ বজাৰ পৰা পুৱা ৮ বজালৈ কাম কৰে। শ্বিফ্ট শেষ হোৱাৰ পিছত ২ ঘণ্টাৰ বিৰতি লৈ তেওঁ ৰাতিপুৱা ১০ বজাৰ পৰা তেওঁৰ ম'বাইল কাৰ ক্লিনিক সেৱা আৰম্ভ কৰে।

প্ৰতিদিনে কেইবাজনো ৰোগীৰ পৰা মেছেজ পোৱা চিকিৎসকজনে নিজৰ বাবে কোনো সময় নাপায়। ডাঃ হেব্বিয়ে জ্যেষ্ঠ নাগৰিক, মৃদু কোভিড লক্ষণ থকা ৰোগী আৰু অকলশৰীয়া ৰোগীসকলক অগ্ৰাধিকাৰ দিয়ে। কিন্তু তেওঁ ৰোগীসকলক তেওঁলোকৰ অৱস্থাৰ ওপৰত আধাৰিত কৰি সাক্ষাৎ কৰে আৰু আন কিছুমান ৰোগীক ভিডিঅ' কলৰ জৰিয়তে চিকিৎসাৰ বাবে পালন কৰিবলগীয়া নিৰ্দেশ দিয়ে।

চিকিৎসকে প্ৰকাশ কৰিছিল যে প্ৰতিদিনে তেওঁ প্ৰায় ১০০-১৫০ টা ফোনকল লাভ কৰে। তেওঁ ফোন কলত যিমান সম্ভৱ সমস্যা সমাধানৰ লক্ষ্য ৰাখে যদিও কিছুমান গুৰুতৰ ক্ষেত্ৰত তেওঁ ৰোগী সকলক সাক্ষাৎ কৰে। হেব্বিয়ে ৰোগীসকলক তেওঁলোকৰ সম্পূৰ্ণ স্বাস্থ্যৰ বিৱৰণ হোৱাটছএপত শ্বেয়াৰ কৰিবলৈ কয় আৰু এই তথ্যৰ ভিত্তিত তেওঁ ৰোগীসকলক চিকিৎসা পৰামৰ্শ দিয়ে।

ডাঃ হেবিয়ে PPE কিট পৰিধান নকৰে যদিও তেওঁ পৰ্যাপ্ত সাৱধানতা অৱলম্বন কৰে কিয়নো তেওঁ চহৰখনৰ চাৰিওফালে গোটেই দিনটো গাড়ী চলাই থাকিবলগীয়া হয়। তেওঁৰ মোবাইল ক্লিনিকত ইচিজি মেছিন, অক্সিজেন কনচেণ্ট্ৰেটৰ আৰু অন্যান্য চিকিৎসা সঁজুলিৰ সৈতে সকলো মৌলিক ঔষধ উপলব্ধ।

চিকিৎসকজনে ২০১০ চনৰ এটা ঘটনাৰ বিষয়ে কৈছিল যাৰ পিছত তেওঁ সদায় তেওঁৰ গাড়ীত চিকিৎসা সঁজুলি আৰু ঔষধ ৰখাৰ সিদ্ধান্ত লৈছিল। ডাঃ হেব্বিয়ে কৈছিল যে এবাৰ তেওঁ দুৰ্ঘটনাত পতিত হোৱা এজন ব্যক্তিক তেওঁৰ গাড়ীত থকা প্ৰাথমিক চিকিৎসাৰ কিটেৰে চিকিৎসা কৰিছিল। দুৰ্ঘটনাগ্ৰস্ত ব্যক্তিজন ৰক্ষা পাইছিল আৰু পিছত পৰিয়ালটোৱে চিকিৎসকজনক তেওঁৰ উপস্থিতিৰ বাবে ধন্যবাদ জনাইছিল। তেতিয়াৰ পৰাই তেওঁ সদায় গাড়ীত প্ৰয়োজনীয় চিকিৎসা সুবিধা ৰাখে।
Published by:Kokil Sarma
First published: