মৃত্যুৰ পিছত অংগ দান মহান দান, জুবলী ফাউণ্ডেশ্যনৰ উদ্দেশ্য লৈ উত্তৰ মেৰুত ঋতুৰাজ ফুকন

জুবলী ফাউণ্ডেশ্যনৰ সদস্যগৰাকীয়ে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা।

News18-Assam
Updated:July 28, 2019, 11:43 PM IST
মৃত্যুৰ পিছত অংগ দান মহান দান, জুবলী ফাউণ্ডেশ্যনৰ উদ্দেশ্য লৈ উত্তৰ মেৰুত ঋতুৰাজ ফুকন
জুবলী ফাউণ্ডেশ্যনৰ সদস্যগৰাকীয়ে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা।
News18-Assam
Updated: July 28, 2019, 11:43 PM IST
অসমৰ জুবলী ফাউণ্ডেশ্যনৰ হৈ উত্তৰ মেৰুৰ পৰা মৃত্যুৰ পিছত অংগ দান কৰিবলৈ বিশ্ববাসীক আহ্বান জনায় ফাউণ্ডেশ্যনৰ সদস্য ঋতুৰাজ ফুকনে। ‘চেভ হিউমেন লাইভছ’ (মানুহৰ জীৱন ৰক্ষা কৰক) লিখা এখন পতাকা জোকাৰি ঋতুৰাজ ফুকনে শেহতীয়াকৈ অংশগ্ৰহণ কৰা ক্লাইমেট ফৰ্চ আৰ্কটিক এক্সপেডিচন ২০১৯ৰ মজিয়াৰ পৰা অংগদানৰ মহৎ উদ্দেশ্য তুলি ধৰে। উত্তৰ মেৰুত অনুষ্ঠিত হোৱা এই বিশেষ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত ঋতুৰাজ ফুকনেই আছিল দেশক প্ৰতিনিধিত্ব কৰা একমাত্ৰ সদস্য।

গ্ৰীণ গাৰ্ড নেচাৰ অৰ্গেনাইজেশ্যনৰ সচিব প্ৰধান তথা বিটচেম এচফাল্ট টেকন’লজিজ লিমিটেডৰ ক্লাইমেট চেঞ্জৰ ব্ৰেণ্ড এম্বেচাডৰ অসমৰ ঋতুৰাজ ফুকনে জুবলী ফাউণ্ডেশ্যনৰ সদস্য হিচাৰে  অংগদানক লৈ গ্ৰহণ কৰা এই পদক্ষেপ প্ৰথম আৰু অতি অভিনৱ আখ্যা দিয়া হৈছে।

প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে ঋতুৰাজ ফুকনে সমগ্ৰ বিশ্বতে বৰ্তমান অন্যতম গুৰুত্বপূৰ্ণ বিষয়ৰূপে বিবেচিত হোৱা অংগদানক লৈ এই প্ৰশংসনীয় প্ৰচেষ্টা গ্ৰহণ কৰে। মৃত্যুৰ পিছত এজন ব্যক্তিৰ অংগদানে বহুলোকৰ জীৱন ৰক্ষা কৰিব পাৰে, জুবলী ফাউণ্ডেশ্যনে অহৰহ এই মহৎ উদ্দেশ্যৰ বিষয়ে ঠায়ে ঠায়ে সজাগতা সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে।
আৰু চাওক পৰৱৰ্তী বাতৰি