• Home
  • »
  • News
  • »
  • assam
  • »
  • "সহস্ৰাধিক গীত, লক্ষাধিক কাহিনী, গণি গণি শেষ কৰিব নোৱাৰ স্মৃতি...I will miss you Vitali"

"সহস্ৰাধিক গীত, লক্ষাধিক কাহিনী, গণি গণি শেষ কৰিব নোৱাৰ স্মৃতি...I will miss you Vitali"

বিহুগীতত যেন এক এৰিব নোৱাৰা অংগ হৈ পৰিছিল জুবিন গাৰ্গ আৰু ভিতালী দাস।ভিতালী দাসৰ বিয়োগত দুখ প্ৰকাশ কৰি জুবিন গাৰ্গে ফেচবুকত লিখিলে মনৰ বেদনা।

  • Share this:
গীতৰ বাবেই যেন জন্ম হৈছিল এটি নাম... ভিতালী দাস। জানমণি, অঞ্জনা, জোনবাই, বগীতৰা, মইনা চৰাই মইনা মাত, ৰাংধালী...কৈ কৈ শেষ কৰিব নোৱাৰি ইটোৰ পিছত সিটো বিহুগীতৰ এলবাম।

জোনবাই এ বেজী এটি দিয়া বুলি পদ্য মতা বয়সত...

ফুল ফুলিছে বসন্তত তুমি জানমণি বহাগৰ...

ঐ জান ঐ আকাশখন ধুনীয়া...

জানমণি তোমাৰ বাবে...

বিহুগীতত যেন এক এনাজৰী হৈ পৰিছিল জুবিন গাৰ্গ আৰু ভিতালী। শেহতীয়া কুৰি বছৰৰ শ্ৰোতাৰ বিহু বুলিলেই প্ৰথম পছন্দ হৈ পৰিছিল দুয়োগৰাকী শিল্পী। কিন্তু অকস্মাত স্তব্ধ হৈ পৰিছিল সকলো।

সময় তেতিয়া সন্ধিয়া ৭ বাজি ৫ মিনিট। তাৰ পিছতেই অসমৰ সাংস্কৃতিক জগতলৈ আহি পৰিছিল এই দুখবৰটো। ভিতালী দাস আৰু নাই। সকলো স্তব্ধ হৈ পৰিছিল। কিন্তু ভিতালী দাসৰ সেই কণ্ঠ প্ৰতিদিনে বাজি থাকিব শ্ৰোতা দৰ্শকৰ মাজত। বিহুগীত বুলিলেই মনত পৰিব ভিতালী দাসলৈ, তেওঁৰ কণ্ঠত প্ৰাণ পাই উঠা প্ৰতিটো গীতে প্ৰতিদিনে বিহুপ্ৰেমী ৰাইজৰ হৃদয় জুৰাব।

আৱেগিক হৈ পৰিছে জুবিন গাৰ্গো, ফেচবুকতো প্ৰকাশ কৰিছে মনৰ বেদনা। "সহস্ৰাধিক গীত, লক্ষাধিক কাহিনী, গণি গণি শেষ কৰিব নোৱাৰ স্মৃতি আমি একেলগে কঢ়িয়াই লৈ ফুৰিছিলো। মোৰ সৈতে কণ্ঠ নিগৰোৱাসকলৰ ভিতৰত তেওঁ এগৰাকী সাহসী গায়িকা আছিল। ভিতালী, মই তোমাক মিছ কৰিম।"

Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি