বিহু মঞ্চত এক অনুকৰণীয় নিদৰ্শন দাঙি ধৰিছে অসমবাসীৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে। মহামাৰী কোৰোণাৰ বিৰুদ্ধে যুঁজখনত জয়ী হ'বলৈ অনুপ্ৰাণিত কৰিছে জুবিন গাৰ্গে। বিহুৰ কাৰ্যসূচীক লৈ স্বাস্থ্য বিভাগে দিয়া SOP আখৰে আখৰে পালন কৰি জুবিন গাৰ্গে অনন্য নিদৰ্শন দাঙি ধৰিছে। পাঠশালাত ১১ বজাৰ পূৰ্বে নিজৰ সংগীতানুষ্ঠান সামৰি জুবিনে বাট দেখুৱাইছে সকলোকে।
খাৰঘুলিত বিহুৰ প্ৰথম দিনাই SOP উলংঘা কৰিছিল জুবিনে। নিজকে নিয়ম ভঙা মানুহ বুলি ঘোষণা কৰি নিশা ১২ বজাৰ পিছত সামৰিছিল নিজৰ সংগীতানুষ্ঠান। কিন্তু বৃহস্পতিবাৰে বঙাইগাঁৱত ১১ বজাৰ পূৰ্বেই অনুষ্ঠান সামৰিছিল জুবিনে। একেদৰে শুকুৰবাৰেও পাঠশালাত ১১ বজাৰ পূৰ্বে সামৰিলে নিজৰ সংগীতানুষ্ঠান।
নিজৰ চৰিত্ৰৰ বিপৰীতে গৈ সন্ধিয়া প্ৰায় ৮.১৫ বজাতে বিহুৰ মঞ্চত উঠিছিল জুবিন। পাঠশালা ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত আয়োজন কৰা বিহুৰ কাৰ্যসূচীত ভাগ লৈ জুবিনে দীনবন্ধু চিনেমা আৰু আৱাহন থিয়েটাৰৰ সৈতে হোৱা অভিজ্ঞতাৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে। বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰা অনুষ্ঠানত দুঘণ্টাৰো অধিক সময় গান গাই পাঠশালাবাসীক মোহাচ্ছন্ন কৰি ৰাখে জুবিনে।
উল্লেখ্য যে কোৰোণাৰ সংক্ৰমণ ভয়াৱহভাৱে বদ্ধি হোৱাৰ বাবে বিহুৰ কাৰ্যসূচীত কেতবোৰ বাধানিষেধ আৰু সীমাবদ্ধতা ঘোষণা কৰি SOP জাৰি কৰিছিল স্বাস্থ্য বিভাগে। ইয়াকে লৈ একাংশ শিল্পীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াও হৈছিল।
অৱশ্যে এই পৰ্যন্ত SOP উলংঘনৰ তেনে উদ্বেগজনক ঘটনা বিশেষকৈ ঘটা নাই। জুবিনৰ লগতে অংগৰাগ পাপন মহন্ত, প্ৰিয়ংকা ভৰালী, নীল আকাশ, দীপলীনা ডেকাকে ধৰি অধিকাংশ শিল্পীয়েই SOP মানি চলাত গুৰুত্ব দিছে। আগন্তুক দিনকেইটাত এই ধাৰা অব্যাহত থাকে নে নাথাকে সেয়া হ'ব লক্ষণীয়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|