জুবিনৰ বিৰুদ্ধে থানাই থানাই তৰিছিল গোচৰ
‘মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা’
মুক্ত মনে জুবিনে এক বিশেষ সাংস্কৃতিক অনুষ্ঠানত প্ৰচাৰ চলাইছিল নিজৰ আহিবলগীয়া ছবি কাঞ্চনজংঘাৰ। ছবিৰ প্ৰচাৰৰ মাজতে জুবিন গাৰ্গে ছবিখনৰ আলমলৈ বিৰূপ মন্তব্য কৰিছিল ব্ৰাহ্মণৰ বিৰুদ্ধে। জুবিনৰ সেই মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছিল ৰাজ্যৰ ব্ৰাহ্মণ সমাজ। জুবিনৰ বিৰুদ্ধে থানাই থানাই তৰিছিল গোচৰ। পিছত জুবিন গাৰ্গে তেওঁ কৰা মন্তব্যৰ বাবে ক্ষমা খুজিবলগীয়াও হৈছিল।
ব্ৰাহ্মণ সমাজৰ ওচৰত সোঁ-শৰীৰে উপস্থিতত থাকি নিজৰ ভুল স্বীকাৰ কৰি লিখিত ক্ষমা খোজাৰ বাবে এতিয়া জুবিন গাৰ্গক ক্ষমা কৰি দিছে অসমৰ ব্ৰাহ্মণ সমাজে। ,সেইদৰে ব্ৰাহ্মণ সমাজৰ প্ৰধান সম্পাদক শ্ৰী গণেশ শৰ্মাই প্ৰতিখন জিলা সমিতিক নিজ-নিজ থানাত জুবিন গাৰ্গৰ বিৰুদ্ধে তৰা গোচৰ উঠাই লবলৈ অনুৰোধ জনাইছে।।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|