உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • জাতি ৰক্ষাৰ হকে লতাশিললৈ আহক – জুবিনৰ আহ্বান

    জাতি ৰক্ষাৰ হকে লতাশিললৈ আহক – জুবিনৰ আহ্বান

    নিজৰ ফেচবুক পেজত জুবিনে এই আহ্বান জনায় ৰাইজলৈ।

    নিজৰ ফেচবুক পেজত জুবিনে এই আহ্বান জনায় ৰাইজলৈ।

    নিজৰ ফেচবুক পেজত জুবিনে এই আহ্বান জনায় ৰাইজলৈ।

    • Share this:
    অসমবাসীৰ তীব্ৰ আন্দোলন–প্ৰতিবাদৰ মাজতে ৰাজ্যসভাত গৃহীত হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক। অসমবাসীৰ আবেগ–অনুভূতিক জলাঞ্জলি দি বিজেপি চৰকাৰে গৃহীত কৰালে বিতৰ্কিত বিধেয়কখন। বুধবাৰে সমগ্ৰ অসমত এই বিধেয়কখনৰ বিৰুদ্ধে সৃষ্টি হয় যুদ্ধসদৃশ পৰিস্থিতিৰ।

    বিধেয়কখনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল সকলো। সকলোৰে এটাই দাবী বাতিল হ’৸ব লাগে নাগৰিকত্ব সংশোধনী বিধেয়ক। বুধবাৰে সন্ধিয়া ৭ বজাৰ পৰা ৰাজ্যৰ ১০খন জিলাত বন্ধ কৰি দিয়া হয় ইণ্টাৰনেট সেৱা।

    ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ প্ৰাকক্ষণত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে জাতি ৰক্ষাৰ হকে বৃহস্পতিবাৰে সকলোকে লতাশিল খেলপথাৰলৈ ওলাই আহিবলৈ আহ্বান জনায়। নিজৰ ফেচবুক পেজত জুবিনে এই আহ্বান জনায় ৰাইজলৈ।

    NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

    First published: