‘মোক পাহৰি যাওক, কিন্তু এবাৰ আমি চিনি পোৱা সৰ্বাদা হৈ থিয় দিয়ক’, মুখ্যমন্ত্ৰীক জুবিন গাৰ্গৰ কি আহ্বান?

News18 Assam | News18-Assam
Updated:December 27, 2019, 7:42 PM IST
‘মোক পাহৰি যাওক, কিন্তু এবাৰ আমি চিনি পোৱা সৰ্বাদা হৈ থিয় দিয়ক’, মুখ্যমন্ত্ৰীক জুবিন গাৰ্গৰ কি আহ্বান?
ফেচবুকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক আহ্বান নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে থিয় দিয়াৰ।

ফেচবুকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক আহ্বান নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে থিয় দিয়াৰ।

  • Share this:
ছচিয়েল মিডিয়াত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিশেষ আৱেগিক আহ্বান জুবিন গাৰ্গৰ। ‘কা’ বিৰোধী প্ৰতিবাদক সন্মুখৰ পৰা নেতৃত্ব দিয়া তাৰকা শিল্পীগৰাকীয়ে ফেচবুকত এটা পষ্টৰ জৰিয়তে সকলো বাদ দি এবাৰ মাত্ৰ মোদী–অমিত শ্বাহৰ সন্মুখত থিয় দিয়াৰ আহ্বান কৰিছে সৰ্বানন্দ সোণোৱালক। ৰাষ্ট্ৰসংঘই ভাৰতৰ নাগৰিকত্ব সংশোধনী আইনক লৈ কৰা প্ৰতিক্ৰিয়া উল্লেখ কৰি তেওঁ লিখিছে,
মৰমৰ সৰ্বাদা, আমাক পাহৰি যাওক। সমুজ্জ্বল দা, হীৰেন গোঁহাই ছাৰ, অখিল আৰু সকলোকে পাহৰি পেলাওক। পাহৰি যাওক জুবিন গাৰ্গক। এয়া চাওক ৰাষ্ট্ৰসংঘইও কৈছে। এয়া আৰু ধেমালি হৈ থকা নাই। এবাৰৰ কাৰণে মাত্ৰ এবাৰৰ কাৰণে আমি চিনি পোৱা সৰ্বাদা হৈ মোদী আৰু অমিত শ্বাহৰ সন্মুখত থিয় দিয়ক। এয়া শেষ হ’বই লাগিব।

 


আৰু চাওক
পৰৱৰ্তী বাতৰি