অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ অষ্টম ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত ''কাঞ্চনজংঘা'' চিনেমাখনৰ বাবে জুবিন গাৰ্গক শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা প্ৰদান কৰা হয়। কালি অনুষ্ঠিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰি গাৰ্গে শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা গ্ৰহণ কৰে।
কিন্তু বঁটাগ্ৰহণ কৰি তেওঁ কয়- ''এটা সৰু কথা কওঁ, মই আজিকালি শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা নলওঁ। নতুন কণ্ঠশিল্পীক এই বঁটা দিলে মই ভাল পাওঁ।'' তেওঁৰ মতে, ৩৫ হাজাৰ গান গোৱাৰ পিছত শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা লৈ একো লাভ নাই। বঁটাৰ লগত প্ৰদান কৰা ধনৰাশি শিল্পীগৰাকীয়ে কলাগুৰুলৈ আগবঢ়াব বুলিও লগতে প্ৰকাশ কৰে।
Published by: Gautam Barman
FIRST PUBLISHED : March 14, 2023, 16:16 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।