உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • হাস্পতালৰ বিছনাত কেনেদৰে সময় কটাইছে জুবিনে? কেতিয়া উভতিব ঘৰলৈ?

    হাস্পতালৰ বিছনাত কেনেদৰে সময় কটাইছে জুবিনে? কেতিয়া উভতিব ঘৰলৈ?

    জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কয় যে আৰু চাৰি–পাঁচদিন কেবিনত ৰখা হ’ব। হাস্পতালৰ বিছনাত যিটো টোপনি গৈছে ঘৰলৈ গ’লে সেয়া নহ’ব৷

    জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কয় যে আৰু চাৰি–পাঁচদিন কেবিনত ৰখা হ’ব। হাস্পতালৰ বিছনাত যিটো টোপনি গৈছে ঘৰলৈ গ’লে সেয়া নহ’ব৷

    জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কয় যে আৰু চাৰি–পাঁচদিন কেবিনত ৰখা হ’ব। হাস্পতালৰ বিছনাত যিটো টোপনি গৈছে ঘৰলৈ গ’লে সেয়া নহ’ব৷

    • Share this:
    জুবিন এতিয়া প্ৰায় সুস্থ। নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ থকা জুবিনক আজি ICUৰ পৰা অনা হ’ব কেবিনলৈ। কেবিনলৈ আনিলেও কোনো লোকে সাক্ষাৎ কৰিব নোৱাৰিব জুবিনক। পৰিয়াল বা নিৰ্দিষ্ট লোকৰ বাদে আন কোনো লোকক চিকিৎসালয় কৰ্তৃপক্ষই প্ৰৱেশ কৰিবলৈ নিদিয়ে জুবিনৰ কেবিনত।

    হাস্পতালৰ বিচনাত কাণত হেডফোন লৈ জুবিন শুনিছে নচিকেতাকে ধৰি প্ৰিয় শিল্পীৰ গীত। নিয়মিতভাৱে খাদ্য গ্ৰহণ কৰাৰ লগতে নিশা ভালকৈ টোপনিও মাৰিছে শিল্পীগৰাকীয়ে। এই কথা জানিবলৈ দিছে নেমকেয়াৰ হাস্পতালৰ সঞ্চালক ডাঃ হিতেশ বৰুৱাই। বিহুৰ সময়ত জুবিনৰ অনুষ্ঠান দুপৰ নিশালৈ নাৰাখি সোনকালে শেষ কৰিবলৈ অসমবাসীক আহ্বান জনালে হিতেশ বৰুৱাই।

    উল্লেখযোগ্য যে মঙলবাৰেই জুবিনক ICUৰ পৰা কেবিনলৈ অনাৰ কতা কৈছিল নেমকেয়াৰ হাস্পতাল কৰ্তৃপক্ষই। কিন্তু পৰিয়ালৰ সৈতে আলোচনা নকৰাকৈ এই সিদ্ধান্ত নল’লে হাস্পতাল কৰ্তৃপক্ষই।

    ICUৰ পৰা উলিয়াই আনিলে জুবিনৰ জিৰণীত ব্যাঘান জন্মাৰ আশংকা পৰিয়াল তথা চিকিৎসকৰ৷ কিয়নো জুবিনক সাক্ষাৎ কৰিবলৈ উত্ৰাৱল হৈ আছে বহু অনুৰাগী। ICUৰ কক্ষত জুৱিনে নিজ ইচ্ছাৰে গ্ৰহণ কৰিছে খাদ্য৷ জুবিনে পূৰ্বে বেয়া পোৱা ফল–মূল খোৱাৰ অভ্যাস কৰিছে৷

    কেতিয়া হাস্পতালৰ পৰা ঘৰলৈ উভতিব জুবিন? এই প্ৰশ্নৰ উত্তৰত জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কয় যে আৰু চাৰি–পাঁচদিন কেবিনত ৰখা হ’ব। হাস্পতালৰ বিছনাত যিটো টোপনি গৈছে ঘৰলৈ গ’লে সেয়া নহ’ব৷ কাৰণ জুবিনে মানুহৰ মাজত থাকি ভাল পায়৷ মানুহৰ লগত কথা পাতিবলৈ ওলাই আহিব।
    Published by:Sanjay Kumar Das
    First published: