‘পৰেশ দাই কথাটো বিবেচনা কৰি চাওক’ – কুইপ’ৰ দুই বিষয়াক মুকলি কৰি দিয়াৰ আহ্বান জুবিনৰ

‘‘সৰুৰে পৰা এইবোৰ দেখি দেখি ভাগৰি গৈছো। এতিয়া এইবোৰ নালাগে। এতিয়া নতুন নতুন কাম হওক। ভাল কাম হওক।’’ – ক’লে জুবিন গাৰ্গে।
‘‘সৰুৰে পৰা এইবোৰ দেখি দেখি ভাগৰি গৈছো। এতিয়া এইবোৰ নালাগে। এতিয়া নতুন নতুন কাম হওক। ভাল কাম হওক।’’ – ক’লে জুবিন গাৰ্গে।
- News18 Assam
- Last Updated: February 22, 2021, 12:10 PM IST
কুইপ’ৰ দুই বিষয়াক মুকলি কৰি দিবলৈ আলফা স্বাধীনক আহ্বান জুবিন গাৰ্গৰ। কোকৰাঝাৰত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ সংবাদ মাধ্যমৰ আগত এই আহ্বান জনালে জুবিনে।
সংবাদ মাধ্যমৰ আগত জুবিন গাৰ্গে ক’লে – ‘‘পৰেশ দাই বিবেচনা কৰি চাওক আৰু এৰি দিয়ক। নিৰপৰাধ দুজন মানুহক উঠাই লৈ গৈছে। তেওঁলোকে চৰকাৰৰ লগত কথা পাতক। সেই মানুহ দুজনক ধৰি ৰাখি শাস্তি দি কি লাভ আছে? তেওঁলোকৰ পৰিয়াল আছে, নিজৰ জগত এখন আছে।’’
দুই বিষয়াক মুকলি কৰি অনাৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত জুবিনে কয়, ‘‘চৰকাৰে কথা পাতিছে বুলি শুনিছো, কিন্তু কি কথা পাতিছে মই নাজানো। মই শ্বুটিঙত ব্যস্ত আছিলো। দৰকাৰ হ’লে মাত মাতিম।’’