জুবিন আৰু ৰাজনীতি ! শুনিবলৈ কিবা আচহুৱা যেন লাগিলেও জুবিনক দেখিবলৈ পোৱা গৈছে ৰাজনীতিত ৷ দৰাচলতে সদ্য মুক্তিপ্ৰাপ্ত ছবি ''ৰাজনীতি''ত জুবিনে অভিনয়হে কৰিছে৷
শনিবাৰে সন্ধিয়া আছিল জুবিনৰ সংগীতানুষ্ঠান৷ তেজপুৰৰ বেছেৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী উপলক্ষে আয়োজিত মূল সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰাৰ পূৰ্বে জুবিন উপস্হিত হয় তেজপুৰৰ IMP Digital ছবিগৃহত৷
অনুৰাগীৰ ভিৰৰ মাজতে জুবিনে ক'লে, ''ৰাজনীতি''ত কৰা অভিনয়ৰ কথা৷ সাংবাদিকৰ চৰিত্ৰ ৰূপায়ণ কৰা জুবিনে সকলোকে অসমীয়া ছবি চাবলৈ আহ্বান জনাই আগন্তুক দিনত নিজস্ব পৰিকল্পনাৰ লগতে আন কেইবাখনো ছবিয়ে ছবিগৃহত ভুমুকি মৰাৰ কথা উল্লেখ কৰে৷
লক্ষণীয়ভাৱে জুবিনে এসময়ৰ বিহুগীতৰ কথা উল্লেখ কৰি আক্ষেপ প্ৰকাশ কৰে- “আজি বিহুগীতৰ কোনো প্ৰযোজক নাই৷” এসময়ত বিহুৰ প্ৰাক মুহূৰ্তত ৩০০-৪০০ গীত গোৱা জুবিনে এইবেলি মাত্ৰ ৬০টা মান বিহুগীততহে কণ্ঠদান কৰাৰ কথা উল্লেখ কৰিছে৷
আনহাতে, এসময়ৰ বহুল জনপ্ৰিয় এলবাম ''নাহৰ''ৰ প্ৰসংগত জুবিনে কয় - আজিও নাহৰৰ ডিমাণ্ড আছে৷ সেয়ে ভৱিষ্যতে নাহৰ মুক্তিৰ পৰিকল্পনাৰ কথা উল্লেখ কৰি জুবিনে পুনৰ এবাৰ সকলোৰে প্ৰতি আহ্বান জনাই ক'লে - “দৌৰি দৌৰি যাম, অসমীয়া চিনেমা চাম৷”
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|