বিশেষ ভাবে সক্ষম সত্যজিৎৰ দায়িত্ব ললে জুবিন গাৰ্গে
বিশেষ ভাবে সক্ষম সত্যজিৎৰ দায়িত্ব ললে জুবিন গাৰ্গে
‘তোক মই কেইটামান টকা দিলে তই কেইদিন চলিবি? কেইদিন মানৰ পিছত শেষ হৈ যাব, গতিকে তই ভালকৈ গ্ৰেজুৱেচনটো শেষ কৰ তোক মই সংস্থাপন এটা দিম,যাতে জীৱনৰ বাকী সময়ছোৱা ভালকে কটাব পাৰ’।
এয়াই শিল্পী জুবিন গাৰ্গৰ সামাজিক দায়ৱদ্ধতা! হাজাৰ বিতৰ্কৰ মজত সোমালেও যেন অসমবাসীৰ হৃদয়ত সদায়েই সুকীয়া স্থান দখল কৰি আহিছে জুবিন গাৰ্গে। কাঞ্চনজংঘাৰ প্ৰচাৰৰ মাজতে এজন বিশেষভাৱে সক্ষম যুৱকৰ কাষত হাৰ্টথ্ৰব জুবিন গাৰ্গ। জুবিন গাৰ্গৰ কাষলৈ আৰ্থিক সহায় বিচাৰি অহা নাজিৰাৰ সত্যজিত্ ফুকনৰ সংস্থাপনৰ দায়িত্ব ল’লে জুবিন গাৰ্গে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|