ৰেপিড' চালকসকলৰ লগত মই আছো, যদি কিবা অসুবিধা আছে আকৌ আহিলেই হ'লঃ জুবিন গাৰ্গ

News18 Assam | News18-Assam
Updated:February 27, 2020, 11:10 AM IST
ৰেপিড' চালকসকলৰ লগত মই আছো, যদি কিবা অসুবিধা আছে আকৌ আহিলেই হ'লঃ জুবিন গাৰ্গ
পৰিবহণ মন্ত্ৰীৰ ঘোষণা– বন্ধ নহয় Ola, Uber, Rapido বাইক সেৱা

পৰিবহণ মন্ত্ৰীৰ ঘোষণা– বন্ধ নহয় Ola, Uber, Rapido বাইক সেৱা

  • News18 Assam
  • Last Updated: February 27, 2020, 11:10 AM IST
  • Share this:
ৰেপিড' চালকসকলৰ কাষত ঠিয় দিছে হাৰ্টথ্ৰব জুবিন গাৰ্গ ৷ জিলা পৰিবহন বিষয়াই ৰেপিড' সেৱা বন্ধ কৰিব বুলি কোৱাৰ পিছতে জুবিন গাৰ্গৰ খাৰঘূলীস্থিত বাসগৃহত চালকসকলে সাক্ষাৎ কৰিবলৈ যোৱা সন্দৰ্ভত জুবিনে কয়, 'অনুৰাগী হিচাপে মোৰ ওচৰলৈ গৈছিল, মই ভাল পাইছো ৷ চৰকাৰৰ লগত কথা পাতক, মই লগত থাকিম ৷ মই সদায় থাকিম ৷ মই লগত আছো ৷ খাৰঘূলীত বহুত ল'ৰা-ছোৱালী আছে, বহুতে ৰেপিড' চলাই ৷ মই সিহঁতক ভাল পাওঁ ৷ যদি কিবা অসুবিধা আছে আকৌ আহিলে হ'ল ৷ মই কিমান সহায় কৰিব পাৰো নাজানো, কাৰণ কথাটো চৰকাৰী কথা ৷ কিন্তু মই লগত আছো ৷'

ইপিনে, ৰেপিড' সেৱা বন্ধ নহয় বুলি ঘোষণা কৰিছে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ Ola, Uber, Rapido বাইক সেৱা বন্ধ কৰাৰ ঘোষণা চৰকাৰৰ নহয় বুলি মন্তব্য কৰি মন্ত্ৰী পাটোৱাৰীয়ে কয় যে, 'যেতিয়ালৈকে ‘Motor Vehicle Amendment Act’ পাচ নহয়, তেতিয়ালৈকে ব্যক্তিগত পঞ্জীয়ন নম্বৰ প্লেটৰে চলাই থাকিব পাৰিব ৰেপিডো, Ola, Uber বাইক ৷ DTOক কোনোবা কাৰ্যালয় বন্ধ কৰি দিয়াৰ অধিকাৰ দিয়া হোৱা নাই ৷ DTOএ পলিচি নিৰ্ণয় নকৰে,চৰকাৰে হে কৰে। DTOৰ ইমান ক্ষমতা নাই। আয়ুক্তক নিৰ্দেশ দিছোঁ এই ঘটনা চালি জাৰি চাবলৈ৷'

২২ ফেব্ৰুৱাৰীত সংবাদমেল সম্বোধন কৰি কামৰূপ মহানগৰ DTO বাপন কলিতাই ঘোষণা কৰিছিল Ola, Uber, Rapido বাইক সেৱা বন্ধ কৰাৰ ৷ এই ঘোষণাৰ পিছতে সৰ্বত্ৰ সমালোচনাৰ সন্মুখীন হৈছিল পৰিবহন বিভাগ ৷ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ফ্লেগ অফ কৰি শুভাৰম্ভণি কৰা ৰেপিড' সেৱা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বন্ধ কৰিব নেকি বুলি চৰ্চা চলিছিল ৰাজনৈতিক মহলতো ৷ ছ’চিয়েল মিডিয়াতো ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল বিভাগটো ৷

Rapido, ola, uber চাৰ্ভিচ বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰোধিতাৰে ২৩ ফেব্ৰুৱাৰীত চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল চালকসকলে ৷ প্ৰতিবাদৰ পিছতে সমদল কৰি চালক সকল ৰাওনা হৈছিল জুবিন গাৰ্গৰ কাষলৈ ৷ জুবিন গাৰ্গৰ সাক্ষাৎ পোৱা নাছিল যদিও চালকসকলে বিশ্বাস কৰিছিল তেওঁলোকক প্ৰিয় শিল্পীগৰাকীয়ে সমৰ্থন জনাব ৷
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading