মুখ্যপৃষ্ঠা »খবৰ »অসম »অসমীয়াৰ আদৰৰ গামোচাত জিলিকিছে জুবিন গাৰ্গৰ গীত!

অসমীয়াৰ আদৰৰ গামোচাত জিলিকিছে জুবিন গাৰ্গৰ গীত!

শিপিনীৰ তাঁতশালত  প্ৰাণ পাই উঠিছে জুবিন গাৰ্গৰ দুটা জনপ্ৰিয়

শিপিনীৰ তাঁতশালত প্ৰাণ পাই উঠিছে জুবিন গাৰ্গৰ দুটা জনপ্ৰিয়

  • Share this:
    জুবিন গাৰ্গৰ প্ৰতি যে অসমীয়াৰ আছে নিস্বাৰ্থ মৰম, তাৰ এক উদাহৰণ দাঙি ধৰিছে ধেমাজিৰ জিনু চুতীয়া নামৰ এগৰাকী মহিলাই। জুবিন গাৰ্গে কণ্ঠদান কৰা আৱাহন থিয়েটাৰৰ ‘গান এটি গোৱানা অ’ মা’ আৰু  চিৰঞ্জীৱ থিয়েটাৰৰ ‘অ’ দেউতা’ শীৰ্ষক গীত দুটা মহিলাগৰাকীয়ে বৈছে এখন গামোছাত। জিনু চুতীয়াই জুবিন গাৰ্গৰ ফ’টো এখনো নিজ হাতেৰে বুলাইছে গামোচাখনত।



    জুবিনৰ প্ৰতি থকা অকৃত্ৰিম মৰম এনেদৰে ব্যতিক্ৰমী ৰূপেৰে উপস্থাপন কৰিছে ধেমাজিৰ জিনু চুতীয়া নামৰ শিপিনীগৰাকীয়ে। মহিলাগৰাকীয়ে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ প্ৰতি দেখুওৱা এই মৰমে এতিয়া সৰ্বত্ৰ লাভ কৰিছে ব্যাপক চৰ্চা! মহিলাগৰাকীৰ প্ৰচেষ্টাক এতিয়া শলাগ লৈছে বহুজনে।

    শেহতীয়া বাতৰি