বুধবাৰে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাব পাৰিব জুবিন গাৰ্গ
বুধবাৰে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাব পাৰিব জুবিন গাৰ্গ
ক্ৰমাৎ সুস্থ হৈ উঠিছে যুৱ প্ৰজম্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গ। শুকুৰবাৰৰ বিয়লি ভাগৰে পৰা নেমকেয়াৰত চিকিৎসাধীন হৈ আছে জুবিন গাৰ্গ। সোমবাৰলৈকে চিকিৎসালয়ৰ ICUত জুবিন গাৰ্গে পাৰ কৰিছে চাৰিটা দিন।
চিকিৎসকে প্ৰকাশ কৰা অনুসৰি পুৱা সোনকালে উঠি ব্ৰেক ফাষ্ট কৰাৰ পিছত কণ্ঠশিল্পীজনে নিজৰ নতুন হেডফোনত নিজৰ প্ৰচণ্ডৰ গান শুনে আৰু চিনেমা চায়। দিনৰ ভাগত শোৱাৰ অভ্যাস থকাৰ বাবে কোনো ধৰণৰ আমনি নিদিয়ে চিকিৎসকে। দিনত শোৱাৰ কাৰণে ৰাতি কেতিয়াবা সাৰ পাই থাকে জুবিন গাৰ্গ।
গান আৰু চিনেমা চোৱাৰ উপৰিও সাৰে থকাৰ সময়ত কিতাপ পঢ়িছে শিল্পীগৰাকী। নিশা আৰু দুপৰীয়াৰ ভাগত জুবিন গাৰ্গক খাবলৈ দিছে লঘু আহাৰ।
যদিও জুবিন গাৰ্গ এতিয়া ক্ৰমাৎ সুস্থ হৈ উঠিছে, তথাপিও নিজৰ কিছু পুৰণি অভ্যাস ত্যাগ কৰিব লাগিব জুবিন গাৰ্গে। এই কথা জনাইছে চিকিৎসকে। লগতে এতিয়া জুবিন গাৰ্গক বিশ্ৰামৰ খুবেই প্ৰয়োজন।
বৰ্তমান পূৰ্বতকৈ সুস্থ হোৱা জুবিনক বুধবাৰৰ ভিতৰত যাবলৈ দিয়া হ’ব হাস্পতালৰ পৰা। সেই বিষয়ে বিশেষজ্ঞ চিকিৎসকৰ সৈতে আজি বিয়লি আলোচনা কৰিব বুলি জানিব পৰা হৈছে। আনহাতে জুবিনৰ কোঠাত কোনো লোককে মোবাইল নিবলৈ দিয়া নাই চিকিৎসালয় কতৃপক্ষই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|