সৰুপেটাত এক অনুষ্ঠানত কলিতা সমাজক লৈ জুবিন গাৰ্গে কৰিছিল বিতৰ্কিত মন্তব্য
সৰুপেটাত এক অনুষ্ঠানত কলিতা সমাজক লৈ জুবিন গাৰ্গে কৰিছিল বিতৰ্কিত মন্তব্য
সৰুপেটাত এক অনুষ্ঠানত কলিতা সমাজক লৈ জুবিন গাৰ্গে কৰিছিল বিতৰ্কিত মন্তব্য। কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই সম্বৰ্ধনা জনোৱাৰ সময়তে জনগোষ্ঠীক লৈ সমাজখন ভাগ ভাগ হৈ আছে বুলি মন্তব্য কৰিছিল জুবিনে। জুবিন গাৰ্গৰ এনে মন্তব্যৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই জুবিন গাৰ্গৰ এনে মন্তব্যত জাঙুৰ খাই উঠিছিল।
ঘটনাটোৰ বাবে এতিয়া দুখ প্ৰকাশ কৰিছে জুবিন গাৰ্গে। এটা গীত গাই নিজৰ মাজতে ভাগ ভাগ নকৰি সকলো অসমীয়াক এক হৈ থাকিবলৈ আহ্বান জনাই জুবিন গাৰ্গে। লগতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সংগ্ৰাম সকলো অসমীয়াই একত্ৰিত ভাবে আগুৱাই লৈ যাব লাগে বুলি মন্তব্য কৰে জুবিন গাৰ্গে।
জুবিন গাৰ্গৰ তেনে মন্তব্যত কলিতা জনগোষ্ঠীয়ে বেয়া পাব নালাগে বুলি মন্তব্য কৰাৰ লগতে, নিজকে কলিতা জনগোষ্ঠীৰ মাজৰে এজন বুলি কয় জুবিন গাৰ্গে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|