ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এক বিপ্লৱ আৰম্ভ হৈছে আৰু এই ৰাইজ ইয়াৰ বিৰুদ্ধে থিয় দিছে। কোনো কাৰণতে অসমৰ জনতাই কোনো কাৰণতে শিৰনত নকৰে। এই মন্তব্য জুবিন গাৰ্গৰ।
পি টি আইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জুবিনে কয় যে নাগৰিকত্ব সংশোধনী আইনক লৈ প্ৰতিবাদৰ গইনা লৈ চৰকাৰে অসমত কাশ্মীৰসদৃশ পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে। আমাৰ আন্দোলন শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিকভাৱে হৈ আছে, কিন্তু নিৰাপত্তাৰক্ষীৰ গুলীত লোক নিহত হৈছে, এয়া দুখজনক। অসমীয়াই কোনো কাৰণতে CAA মানি নলওঁ, এয়া আঁতৰাব লাগিব।
জম্মু–কাশ্মীৰত অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ পিছত যিদৰে সান্ধ্য আইন জাৰি কৰা হৈছিল, ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছিল, অসমতো তেনে পৰিস্থিতিৰ সৃষ্টি কৰিব বিচৰা হৈছে বুলি মন্তব্য কৰে জুবিনে। অসমত এনে পৰিস্থিতি কেতিয়াও দেখা নাছিলো। চৰকাৰে আমাক দমন কৰিব বিচাৰিছে।
জুবিনে পি টি আইৰ আগত প্ৰশ্ন কৰে যে জনসাধাৰণ মূৰ্খ নেকি যে এই CAA বুজি নাপায়। জনতা এই আন্দোলনৰ মুখ্য শক্তি। CAAৰ বিৰুদ্ধে মানুহ সজাগ হৈছে আৰু এক বিপ্লৱ আৰম্ভ হৈছে। সমাজৰ সকলো শ্ৰেণীৰ লোকে যোগদান কৰিছে এই বিপ্লৱত। আমি এই আইন সহ্য নকৰো।