নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত আগভাগ লৈ ৰাষ্ট্ৰীয় মাধ্যমৰ খবৰৰ শিৰোনাম দখল কৰা অসমীয়া তাৰকা জুবিন গাৰ্গৰ এইবাৰ সঁচাকৈ খং উঠিছে। ‘কা’ কোনো কাৰণতে মানি ল’ব নোৱাৰি বুলি কৈ জুবিনে ক’লে এইখন নোহোৱা হ’বই লাগিব। অসমৰ মানুহে কাকো বিশ্বাস কৰিব বুলি প্ৰশ্ন কৰি জুবিনে কয়, ‘কাক বিশ্বাস কৰিব, কংগ্ৰেছক নোৱাৰে, বিজেপিক নোৱাৰে, অগপক নোৱাৰে? অসমীয়া মানুহে এটা বিকল্প বিচাৰে’ তেজপুৰত ‘কা’ বিৰোধী আন্দোলনৰ মাজত সাংবাদিকৰ প্ৰশ্নৰ পোণপটীয়া তীক্ষ্ন উত্তৰ দিলে জুবিনে।
জুবিন গাৰ্গ ৰাজনীতিলৈ যাব নে কি? মই ৰাজনীতিৰ মানুহ নহয়, পলিটিক্স খুব বেয়া পাওঁ কিন্তু মই এখন বিকল্প ৰাজনৈতিক মঞ্চ গঠন হোৱাটো বিচাৰো। কাক ভোট দিব নহ’লে মানুহে? মোৰ ৪৭বছৰ হ’ল এতিয়া মই ভাল–বেয়া আঙুলীয়াই দেখুৱাব পাৰো গতিকে মই ভুলবোৰ দেখুৱাম। জুবিন গাৰ্গে কয়।
ছচিয়েল মিডিয়াত গুৰুত্ব দিছে বিজেপিয়ে, কি হ’ব? তেওঁলোকে এইবোৰ কৰি লাভ নাই, তেওঁলোক লাহে লাহে নোহোৱা হৈ আহি আছে, তেওঁলোক নোহোৱা হৈ যাব। জুবিনে কয়।
২০২১ত জুবিন গাৰ্গে বিজেপিক ধূলিস্যাৎ কৰাত আগভাগ ল’ব নেকি?মই তেওঁলোকক জগাবলৈ চেষ্টা কৰিছিলো। তেওঁলোক নুঠিল এতিয়া মাৰি পেলাম, মই তেওঁলোকক মাৰি পেলাম। বিধানসভাৰ নিৰ্বাচনত বিজেপি বিৰোধী স্থিতি কঠোৰভাৱে গ্ৰহণ কৰাৰ ঘোষণা কৰি এনেদৰে কয় জুবিন গাৰ্গে।
উল্লেখযোগ্য যে ২০১৬চনত ‘সকলোৰে আনন্দ সৰ্বানন্দ’ গোৱা জুবিনে অসমত বিজেপি চৰকাৰ গঠনেৰে উত্তৰ পূৱত বিজেপিৰ বাট প্ৰশস্ত কৰোৱাৰ অংশীদাৰ হৈছিল। এই গীত ইমান ডাঙৰ হিট হৈছিল যে বহুদিনলৈকে ছচিয়েল মিডিয়াত চৰ্চা চলিছিল জুবিনৰ অনন্য কণ্ঠৰ গীতটি। ‘কা’ (আগৰ কেব) বিৰোধী আন্দোলনৰ আৰম্ভনিৰে পৰা নিজৰ স্থিতি স্পষ্ট কৰা জুবিনে এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিৰ কাৰণে কণ্ঠ নিগৰোৱাত অস্বীকাৰ কৰিছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|