কিয় আধাতে পঢ়িবলৈ বাদ দিলে জুবিনে? বি বৰুৱা কলেজত কিয় পৰীক্ষাৰ বহী ফালি থৈ গুচি আহিছিল?

জুবিনে কয় – সেইবোৰ পৰীক্ষা দি কি কৰিম? জীৱনৰ পৰীক্ষা দিব লাগে।

News18-Assam
Updated:November 5, 2019, 10:38 AM IST
কিয় আধাতে পঢ়িবলৈ বাদ দিলে জুবিনে? বি বৰুৱা কলেজত কিয় পৰীক্ষাৰ বহী ফালি থৈ গুচি আহিছিল?
জুবিনে কয় – সেইবোৰ পৰীক্ষা দি কি কৰিম? জীৱনৰ পৰীক্ষা দিব লাগে।
News18-Assam
Updated: November 5, 2019, 10:38 AM IST
সোমবাৰে মহানগৰীৰ চানমাৰিত চলি থকা গ্ৰন্থমেলাত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে কৈ গ’ল জীৱনৰ বহু কথা। ‘তোৰ সুৰৰ আঁচল ধৰি’ শীর্ষক অনুষ্ঠানত জুবিনে খুলিলে নিজৰ জীৱনৰ বহু গোপন অধ্যায়। সংগীতৰ পৰা আৰম্ভ কৰি পত্নী গৰিমা গাৰ্গৰ প্ৰসংগলৈ বহু প্ৰশ্নৰ উত্তৰ মুকলিকৈ দিলে জুবিন গাৰ্গে।

এই অনুষ্ঠানতে জুবিনে গালে মুক্তি নোপোৱা এটা পুৰণি গীত। এই গীতটো গাই বহু লোকে স্বীকৃতি পোৱা বুলিও উল্লেখ কৰে জুবিনে। বহুতে বিভিন্ন অডিশ্যনৰ বাবেও এই গীতটো গোৱা বুলিও কয় জুবিনে।

জুবিনে ক’লে – মই কিন্তু ক’তো অডিশ্যন দি পোৱা নাই। কাৰণ মই পৰীক্ষা দি বেয়া পাওঁ। সেইবাবেই বি বৰুৱা কলেজৰ পৰা পঢ়াও বাদ দিছিলো।

ইয়াৰ আগতেও এক অনুষ্ঠানত জুবিনে কৈছিল বি বৰুৱা কলেজৰ কথা। বিজ্ঞান শাখাত পঢ়া জুবিনে আধাতে সামৰিছিল পঢ়া–শুনা। স্নাতক ডিগ্ৰী আধৰুৱা কৰি ওলাই আহিছিল বি বৰুৱা কলেজৰ পৰা। পৰীক্ষাৰ বহী ফালি থৈ ক’লেজ এৰা বুলিও অনুষ্ঠানটোত উল্লেখ কৰিছিল জুবিনে। গ্ৰন্থমেলাৰ অনুষ্ঠানটোত জুবিনে কয় – সেইবোৰ পৰীক্ষা দি কি কৰিম? জীৱনৰ পৰীক্ষা দিব লাগে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি