ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ শেহতীয়া বহুকেইখন চলচ্চিত্ৰই বিশেষ জনপ্ৰিয়তা লাভ নকৰাৰ পিছত এইবাৰ অন্য ৰূপত প্ৰকাশ ঘটিছে পাঠানৰ। পাঠান (Pathaan) চলচ্চিত্ৰই লাভ কৰিছে বিশেষ প্ৰচাৰ। সমৰ্থন-বিৰোধিতাৰ মাজেৰে মুক্তিৰ আগেয়ে তীব্ৰ চৰ্চাত থকা পাঠানৰ বতাহ লাগিছে অসমতো।
কালি পাঠান প্ৰসংগত মুখ্যমন্ত্ৰীয়ে মত প্ৰকাশ কৰাৰ পিছত আজি সংগীতশিল্পী জুবিন গাৰ্গেও পাঠানৰে সংগতি ৰাখি আগবঢ়ালে মত। জুবিনে ক'লে- ''এইবাৰ পাঠান ৰিলিজ কৰিব শ্বাহৰুখ খানে, ড০ বেজবৰুৱা-২ (Dr. Bezbaruah 2) ৰিলিজ কৰিম মই, চাওঁ ৰাইজে কোনখন চিনেমা চায় আৰু ৰাইজে কাক ভাল পায়?''
ছিপাঝাৰৰ দুমুনীচকীৰ পোহৰ নামৰ এন জি অ'ৰ উদ্যোগত বৰনৈ মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এক সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰি জুবিন গাৰ্গে (Zubeen Garg) এই মন্তব্য কৰে। সহস্ৰাধিক লোকৰ উপস্থিতিত গীত পৰিৱেশন কৰা অনুষ্ঠানটোত জুবিনে এই কথা কয়।
সিদ্ধান্ত এতিয়া ৰাইজৰ হাতত। ৰাইজে 'পাঠান' নে 'ড০ বেজবৰুৱা ২' চাব সেয়া সময়ে ক'ব যদিও অসমত জুবিন গাৰ্গৰ দৰে শ্বাহৰুখৰো (Shah Rukh Khan) আছে অনুৰাগী। উল্লেখ্য, পাঠান মুক্তি পাব ২৫ জানুৱাৰীত আৰু 'ড০ বেজবৰুৱা ২' মুক্তি পাব ৩ ফেব্ৰুৱাৰীত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|