বিজেপি নেতা পবিত্ৰ মাৰ্ঘেৰিটাক কাষত বহুৱাই জুবিন গাৰ্গে ক’লে– ‘No CAA’

News18 Assam | News18-Assam
Updated:February 27, 2020, 12:39 PM IST
বিজেপি নেতা পবিত্ৰ মাৰ্ঘেৰিটাক কাষত বহুৱাই জুবিন গাৰ্গে ক’লে– ‘No CAA’
'দল খোলাটো সাধাৰণ কথা নহয়, আমি নোৱাৰো’

'দল খোলাটো সাধাৰণ কথা নহয়, আমি নোৱাৰো’

  • News18 Assam
  • Last Updated: February 27, 2020, 12:39 PM IST
  • Share this:
নাগৰিকত্ব সংশোধনী আইনক বিৰোধিতা কৰি ৰাজ্যত এতিয়াও অব্যাহত আছে প্ৰতিবাদ। শিল্পী জুবিন গাৰ্গেও প্ৰত্যক্ষ ভাবে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি আহিছে। CAAৰ বিৰোধিতা কৰি জুবিন গাৰ্গে প্ৰতিখন প্ৰতিবাদী সভাতে তীব্ৰ সমালোচনা কৰি আহিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক।

কিন্তু গুৱাহাটীত অনুষ্ঠিত ফিল্মফেয়াৰত ৰাতিৰ ভিতৰতে ভাইৰেল হৈছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিল্পী জুবিন গাৰ্গৰ আলিংগনৰ মুহূৰ্ত বন্দী এখন ফ'টো ৷ এক প্ৰকাৰ ছচিয়েল মিডিয়াত সৃষ্টি হৈছিল ধুমুহাৰ ৷ বহুতৰ মনত সৃষ্টি হৈছিল বহু প্ৰশ্নৰ ৷ প্ৰশ্নৰ আওতাত সোমাই পৰিছিল খোদ জুবিন গাৰ্গ ৷ ইতিমধ্যে নিজৰ স্থিতি স্পষ্ট কৰি জুবিনে এই চৰ্চাৰ অন্ত পেলাইছিল যদিও পুনৰবাৰ জুবিন গাৰ্গে উল্লেখ কৰিছে মুখ্যমন্ত্ৰীৰে আলিংগন প্ৰসংগ ৷

N.K প্ৰডাকশ্যনৰ ৩০ বছৰীয়া যাত্ৰাৰ কথা সুঁৱৰি বন্ধু পবিত্ৰ মাৰ্ঘেৰিটাৰ সৈতে সংবাদ মাধ্যমৰ আগত জুবিন গাৰ্গে কৰি গ'ল কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য ৷ মুখ্যমন্ত্ৰীৰে সৈতে আলিংগন কৰাৰ কথা উল্লেখ কৰি জুবিনৰ মন্তব্য, 'মই সৰ্বানন্দ সোণোৱালক এনেকৈ ধৰিলেও যদি জেং হয় ! সেইটো মোৰ ভদ্ৰতা নহয় নেকি? সেইটো মই কৰিব লাগিব, কাৰণ মই ককাইদেউ বুলি মাতো ৷

ইয়াৰোপৰি, শেহতীয়াভাৱে বহু চৰ্চিত নতুন ৰাজনৈতিক দল গঠন সম্পৰ্কে জুবিনৰ স্থিতি কি হ'ব বুলি সোধা প্ৰশ্নৰ উত্তৰত জুবিনে কয়, 'মই কোনো দলত নাই, মই অকলে ৷ দল খোলাটো সাধাৰণ কথা নহয় ৷ পইচা কোনে দিব? বিজেপিৰ ওচৰত ধেৰ পইচা আছে ৷ আমি নোৱাৰোঁ ৷ দৰকাৰ হ'লে হ'ব পাৰে ৷  কথাটো হ'ল এতিয়া, CAA ঠিক হৈ লওঁকচোন।’

অনুষ্ঠানত জুবিন গাৰ্গৰ কাষত দেখিবলৈ পোৱা গৈছিল বিজেপি নেতা তথা জুবিন গাৰ্গৰ বন্ধু পবিত্ৰ মাৰ্ঘেৰিটা। পবিত্ৰ মাৰ্ঘেৰিটাক কাষত বহুৱাই জুবিন গাৰ্গে ক’লে – No CAA, CAAৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত আছে, চলি থাকিব।’ লগে লগে পবিত্ৰ মাৰ্ঘেৰিটাইয়ো CAAৰ সমৰ্থনত মন্তব্য কৰে। আনকি মাৰ্ঘেৰিটাৰ আগত জুবিন গাৰ্গে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সমালোচনা কৰে।

আৰু চাওক
পৰৱৰ্তী বাতৰি