জুবিন গাৰ্গ সহ শিল্পী সমাজক উদ্দেশ্যি BJPৰ ITচেলৰ মন্তব্য– ‘মুৰ্খ বন্ধুতকৈ জ্ঞানী শত্ৰুৱেই ভাল’

News18 Assam | News18-Assam
Updated:February 8, 2020, 10:37 AM IST
জুবিন গাৰ্গ সহ শিল্পী সমাজক উদ্দেশ্যি BJPৰ ITচেলৰ মন্তব্য– ‘মুৰ্খ বন্ধুতকৈ জ্ঞানী শত্ৰুৱেই ভাল’
বিজেপিৰ IT চেল বনাম ৰাজ্যৰ শিল্পী সমাজ

বিজেপিৰ IT চেল বনাম ৰাজ্যৰ শিল্পী সমাজ

  • Share this:
ৰাজ্যৰ শিল্পী সমাজ বনাম বিজেপিৰ ITচেল।  বিজেপিৰ IT CELLক প্ৰত্যাহ্বান জনাই জুবিন গাৰ্গৰ নেতৃত্বত শিল্পী সমাজে মুকলি কৰিলে নাগৰিকত্ব সংশোধনী আইন বিৰোধী এটা ৱেবচাইট। সেইদৰে ছচিয়েল মিডিয়াতো শিল্পীসমাজে গঠন কৰিবলৈ চেষ্টা কৰিছে CAA বিৰোধী জনমত।  কিন্তু এতিয়া শিল্পীসমাজৰ এই প্ৰত্যাহ্বান গ্ৰহণ কৰিছে BJPৰ ITচেলে।

বৃহস্পতিবাৰে জুবিন গাৰ্গৰ নেতৃত্বত শিল্পী সমাজে  www.assamagainstcaa.in নামেৰে ৱেবছাইট মুকলি কৰি বিজেপিৰ IT CELLক প্ৰত্যাহ্বান জনাইছিল ৷  বিজেপিৰ IT CELLৰ প্ৰাক্তন আহ্বায়ক বিজেপিৰ যুৱ নেতা মিডিয়া পেনালিষ্ট সুৰঞ্জন দত্তই শিল্পী সমাজৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি কয় যে, ‘মুৰ্খ বন্ধুতকৈ জ্ঞানী শত্ৰুৱেই ভাল’। 

ইয়াৰ মাজতে বিজেপিৰ যুৱ নেতা সুৰঞ্জন দত্তই জুবিন গাৰ্গক কৰিছে প্ৰশ্ন 'পলিটিক্স নকৰিবা বন্ধু' বুলি গান গোৱা জুবিন গাৰ্গে ৱেবছাইট মুকলি কৰি বিজেপিৰ বিৰুদ্ধে কৰিছে নেকি ৰাজনীতি?

দত্তই লগতে কয় যে, ‘বিজেপিৰ ৪২ লাখ সদস্যৰে এক বৃহৎ শক্তি ৷ ১৫০০টকীয়া ভক্তৰ আখ্যাই বিচলিত নকৰে বিজেপিক। ২০২১ৰ নিৰ্বাচনত অধিক শক্তিশালী ৰূপত বিজেপিৰ IT CELLএ দল আৰু চৰকাৰক তথ্য প্ৰযুক্তিৰ জৰিয়তে মানুহৰ মাজলৈ লৈ যাব।’
আৰু চাওক
পৰৱৰ্তী বাতৰি