গভীৰ সংকটত জুবিনৰ ‘কাঞ্চনজংঘা’, জুবিনৰ সপোন, সপোন হৈয়ে ৰ’ল!

News18 Assam | News18-Assam
Updated:November 28, 2019, 9:08 PM IST
গভীৰ সংকটত জুবিনৰ ‘কাঞ্চনজংঘা’, জুবিনৰ সপোন, সপোন হৈয়ে ৰ’ল!
ছেপ্তেম্বৰত মুক্তি পাইছিল জুবিন গাৰ্গৰ ছবি কাঞ্চনজংঘা। মুক্তিৰ পিছতে দৰ্শকে আদৰিছিল জুবিন গাৰ্গৰ ছবিখন। কিন্তু...

ছেপ্তেম্বৰত মুক্তি পাইছিল জুবিন গাৰ্গৰ ছবি কাঞ্চনজংঘা। মুক্তিৰ পিছতে দৰ্শকে আদৰিছিল জুবিন গাৰ্গৰ ছবিখন। কিন্তু...

  • Share this:
গভীৰ সংকটত জুবিন গাৰ্গৰ কাঞ্চনজংঘা! সপোন, সপোন হৈয়ে ৰ’ল জুবিন গাৰ্গৰ। ছেপ্তেম্বৰত মুক্তি পাইছিল জুবিন গাৰ্গৰ ছবি কাঞ্চনজংঘা। মুক্তিৰ পিছতে দৰ্শকে আদৰিছিল জুবিন গাৰ্গৰ ছবিখন। ব্লকবাষ্টাৰ ছবিখনৰ নামেৰে জুবিন গাৰ্গে মাজুলিত নিৰ্মাণ কৰিছিল এখন ৰিজৰ্ট। কিন্তু জুবিন গাৰ্গৰ নতুন ৰিজৰ্ট খনত পৰিছে প্ৰশাসনৰ চকু। কাৰণ মাজুলীত অতি শীঘ্ৰে  আৰম্ভ হ’ব সাংস্কৃতিক বিশ্ব বিদ্যালয়ৰ নিৰ্মাণৰ স্থায়ী কাম। প্ৰায় ১০০ বিঘা ভূমিত নিৰ্মাণ কৰা হ’ব বিশ্ববিদ্য়ালয়খনৰ কাম। জুবিন গাৰ্গৰ ৰিজৰ্টখন থকা মাটিতে নিৰ্মাণ কৰা হ’ব বিশ্ববিদ্যালয় নিৰ্মাণৰ কাম।

বিশ্ব বিদ্যালয়ৰ ভূমিৰ বাবে  উচ্ছেদ হ’বলগীয়া হ’ল অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ৰ সপোনৰ কাঞ্চনজংঘা ৰিজৰ্ট। ৰিজৰ্টখনত প্ৰশাসনে চলালে উচ্ছেদ অভিযান। ফলত
সপোন সপোন হৈয়ে ৰ'ল জুবিনৰ। ৬ মাহ পূৰ্বে বহু সপোন আৰু দীৰ্ঘদিনীয়া পৰিকল্পনাৰে জুবিন গাৰ্গে আৰম্ভ কৰিছিল ৰিজৰ্ট নিৰ্মাণৰ কাম।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি