ইফালে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জুবিন গাৰ্গে
ইফালে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জুবিন গাৰ্গে
মিঞা মিউজিয়ামৰ সন্দৰ্ভত এইবাৰ মন্তব্য প্ৰকাশ কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। জুবিন গাৰ্গে মিঞা মিউজিয়ামৰ প্ৰসংগত কয় যে, -‘এনেই বাংলাদেশীৰ উৎপাতত থাকিব পৰা নাই অসমত, তাতে আকৌ লাগে মিঞা মিউজিয়াম।’
ইফালে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হোৱাৰ প্ৰসংগত জুবিন গাৰ্গে কয় যে, ‘সকলোৱে মুখ্যমন্ত্ৰী হব খুজিলেই হ’ব নেকি ? ৰাইজেহে পাতিব মুখ্যমন্ত্ৰী ৷’
উল্লেখ্য যে, বৃহস্পতিবাৰে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নৱম মৃত্যুবাৰ্ষিকীত জাগীৰোডৰ সীতা জখলা দুগ্ধ উৎপাদক সমবায় সমিতিত উপস্থিত হয় যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ ৷ সীতা জখলাৰ ব্ৰেণ্ড এম্বেচাডৰ জুবিনে বন্তি প্ৰজ্বালন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে সুধাকণ্ঠৰ প্ৰতিচ্ছবিত৷
অনুষ্ঠানত উপস্থিত থাকি পথাৰ আৰু বজাৰ দখল কৰাৰ স্বাৰ্থত সীতাজখলাক অসমৰ বিভিন্ন প্ৰান্তলৈ যোৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বুলিও জনায় জুবিনে ৷ ইয়াৰ পিছতে তেজপুৰলৈ যাত্ৰা কৰা জুবিনক সংগ দিয়ে বিশিষ্ট চলচিত্ৰ পৰিচালক ৰাজেশ ভূঞাই ৷
ইফালে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জুবিন গাৰ্গে কয় যে,‘ অৰ্ণৱ গোস্বামীৰ সৈতে মোৰ ভাল সম্পৰ্ক৷ খবৰটো শুনি মোৰো ভাল লগা নাই ৷ সমগ্ৰ বিষয়টো এটা আইনী প্ৰক্ৰিয়া যদিও গোচৰটো সোনকালে সমাপ্ত হলে ভাল।’
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|