‘বিজেপি,কংগ্ৰেছ কাকো খাতিৰ নকৰো’- নৰ্থ ইষ্ট ফেষ্টিভেলৰ মঞ্চৰ পৰাই কা’ৰ বিৰুদ্ধে হুংকাৰ দিলে জুবিন গাৰ্গে

পুনৰ "কা"ৰ বিৰুদ্ধে সৰব জুবিন গাৰ্গ। "কা" বাতিলৰ দাবীত ব্যতিক্ৰমী ৰূপত আন্দোলন কৰিব জুবিনে।
পুনৰ "কা"ৰ বিৰুদ্ধে সৰব জুবিন গাৰ্গ। "কা" বাতিলৰ দাবীত ব্যতিক্ৰমী ৰূপত আন্দোলন কৰিব জুবিনে।
- News18 Assam
- Last Updated: December 21, 2020, 12:30 AM IST
গুৱাহাটীৰ ৰেডিছন ব্লুত দেওবাৰে সন্ধিয়া অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত গীত পৰিৱেশন কৰাৰ মাজতে "কা"ৰ বিৰুদ্ধাচৰণ কৰি জুবিন গাৰ্গে কয় যে, ‘মই নাগৰিকত্ব সংশোধনী আইন মানি নলও। ‘কা’ আন্দোলনৰ পিছতে মোৰ গা বেয়া হৈছিল, সেয়েহে আজিকালি মই অলপ কথা পাহৰো, কিন্তু "কা" পাহৰা নাই।’ দৰ্শকৰ শাৰীত বিজেপি, কংগ্ৰেছৰ সমৰ্থক থাকিলেও খাতিৰ নকৰো।’
এইবাৰ ছচিয়েল মিডিয়াৰ জৰিয়তে "কা"ৰ বিৰুদ্ধে আন্দোলন কৰিব বুলি গানৰ মাজতে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই জুবিন গাৰ্গে। "কা" আন্দোলনকলৈ জুবিনে প্ৰস্তুত কৰা গীতো নৰ্থ ইষ্ট ফেষ্টিভেলত পৰিৱেশন কৰে জুবিন গাৰ্গে।