• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘জুবিনৰ অনুষ্ঠানত বোকা ডেন্স কৰিলে ভৰিব লাগিব দণ্ড, সেৱন কৰিব নোৱাৰিব মাদক দ্ৰৱ্য’

‘জুবিনৰ অনুষ্ঠানত বোকা ডেন্স কৰিলে ভৰিব লাগিব দণ্ড, সেৱন কৰিব নোৱাৰিব মাদক দ্ৰৱ্য’

কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ কুকুৰমাৰা গাৱঁৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান নেহৰু ক্লাবৰ ৰূপালী জয়ন্তী বৰ্ষত সংগীতানুষ্ঠান পৰিৱেশন কৰিব নৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুৱিন গাৰ্গে।

  • Share this:
জুবিনৰ অনুষ্ঠানত বোকাত নাচিলে ভৰিব লাগিব দণ্ড। জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত মাদক দ্ৰব্য সেৱন কৰিব নোৱাৰিব। নোৱাৰিব বোকাত নাচিব। এইদৰে মাইকযোগে ঘোষণা কৰিলে এখন গাঁৱৰ ৰাইজে। এই নিয়ম অমান্য কৰিলে ভৰিব লাগিব দণ্ড। যাব লাগিব আৰক্ষী থানা।

কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ কুকুৰমাৰা গাৱঁৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান নেহৰু ক্লাবৰ ৰূপালী জয়ন্তী বৰ্ষত সংগীতানুষ্ঠান পৰিৱেশন কৰিব নৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুৱিন গাৰ্গে।

সেই উপলক্ষে গাঁওখনৰ পুৰুষ-মহিলা, বৃদ্ধ-শিশুৰ গাত তৰণি নাই। গাঁওখনৰ ৰাইজে প্ৰিয় শিল্পীগৰাকীক ওচৰৰ পৰা চাবলৈ তথা গাঁওখনলৈ অহা আমন্ত্ৰিত ব্যক্তিসকলে যাতে অসন্মান নাপায় তাৰ বাবে বাট-পথসমূহ চাফ-চিকুণ কৰিছে।

দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হোৱা এই ৰূপালী জয়ন্তী বৰ্ষৰ ২৫ মে'ৰ নিশা বিশেষ আকৰ্ষণ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ। তাৰ বাবে ক্লাৱবৰ সদস্যসকলে ৰাইজৰ সহযোগত অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবলৈ উঠি পৰি লাগিছে।
Published by:Sanjay Kumar Das
First published: