এইবাৰ বেণ্ড পাৰ্টীৰ সৈতে দেখা গ’ল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক। বেণ্ড পাৰ্টীৰ সৈতে বাদ্য সংগত কৰিলে জুবিনে। এটাৰ পিছত আনটো গানত জুবিনে সহযোগ কৰিলে বেণ্ড পাৰ্টী দলক। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই দৃশ্য।
DEVADEEP নামৰ এটা ইউটিউব চেনেলত আপলোড কৰা হৈছে জুবিনৰ এই ভিডিঅ’। ভিডিঅ’টোত জুবিন গাৰ্গ এখন বিয়াত উপস্থিত হোৱা দেখা গৈছে। কাষতে বহি ধেমালি কৰি দৰাক জুবিনে কৈছে – ‘ভাইটি তই শ্বহীদ হ’লি আৰু’।
তাৰ পিছতে বেণ্ড পাৰ্টীৰ সৈতে বাদ্য সংগত কৰা দেখা গৈছে জুবিনক। ইটোৰ পিছত সিটো গানত জুবিনে বজালে ড্ৰাম। জুবিনৰ এই ৰূপ দেখি ভিৰ কৰিলে বিয়া খাবলৈ অহা লোকসকলে। সকলোৱে উপভোগ কৰিলে এই দৃশ্য। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|