உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • চৰকাৰৰ কি সিদ্ধান্তৰ বিৰুদ্ধে সৰব হ'ল জুবিন গাৰ্গ? শৃংখল চলিহাক 'বিশৃংখল' আখ্যা জুবিনৰ

    চৰকাৰৰ কি সিদ্ধান্তৰ বিৰুদ্ধে সৰব হ'ল জুবিন গাৰ্গ? শৃংখল চলিহাক 'বিশৃংখল' আখ্যা জুবিনৰ

    শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰৰ বিশাল কৃষি পাম কন্যকাত আজি উপস্থিত হয় জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ ৷

    শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰৰ বিশাল কৃষি পাম কন্যকাত আজি উপস্থিত হয় জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ ৷

    শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰৰ বিশাল কৃষি পাম কন্যকাত আজি উপস্থিত হয় জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ ৷

    • Share this:
    অসমৰ বিভিন্ন কোষাগাৰত ৰাখি থোৱা গঁড়ৰ খৰ্গসমূহ চৰকাৰে পুৰি পেলোৱাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাত  আপত্তি দৰ্শাইছে  জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে ৷ কোষাগাৰত থকা গঁড়ৰ খৰ্গ সমুহ মিউজিয়ামত সংৰক্ষণ কৰাৰ পোষকতা কৰে জুবিন গাৰ্গে ৷

    আফ্ৰিকাৰ কংগো নামৰ দেশখনতো এবাৰ হাতীৰ দাত জ্বলাই দিয়া হৈছিল যদিও জুবিনে জ্বলাই দিয়াটো সমৰ্থন নকৰে ৷ গড়ঁৰ খৰ্গ যে একো কামত নাহে তেনে নহয় আৰু কিছুমান মানুহে ঔষধ বনোৱা বা অন্য কামত খৰ্গ ব্যৱহাৰ বুলি বিশ্বাস কৰে সেয়া সত্য নহয় ৷ আগৰ দিনত ৰজা মহাৰজাই ঘৰত সজাবলৈ এইবোৰ ব্যৱহাৰ কৰিছিল আৰু এতিয়া এইবোৰ জ্বলাই দিয়াতকৈ মিউজিমাত সংৰক্ষণ কৰিলে ভাল বুলি মন্তব্য কৰে কন্ঠশিল্পীগৰাকীয়ে ৷

    সোমবাৰে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰৰ বিশাল কৃষি পাম কন্যকাত  উপস্থিত হয় জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ ৷ কন্যকাই দেখুওৱা কৃষি বিপ্লৱৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে অসমৰ প্ৰত্যেকজন কৃষকে খেতিৰ জৰিয়তে যাতে মাৰ্চিডিছ ল'ব পাৰে সেই আশা কৰে শিল্পীগৰাকীয়ে ৷

    কন্যকাত থকা অসমৰ ভিতৰত বৃহৎ গোহালীৰ লগতে গুজৰাটৰ গিৰ গাই পৰিদৰ্শন কৰি অভিভূত হৈ পৰে কণ্ঠশিল্পীগৰাকী ৷ অসমত থাকি তালিবানৰ জয় গান গোৱা সকলৰ বিৰূদ্ধেও সোচ্চাৰ হৈ পৰে কন্ঠশিল্পীগৰাকী ৷ লগতে শৃংখল চলিহাকো বিশৃংখল আখ্যা দি তাক মই বুজাম বুলি সাংবাদিকৰ আগত মন্তব্য কৰে জনপ্ৰিয়  শিল্পীগৰাকীয়ে ৷

    উল্লেখযোগ্য যে, কন্যকাত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰা জুবিন গাৰ্গক কন্যকা পৰিয়ালৰ হৈ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰীকাই  কন্যকাৰ উৎপাদিত সামগ্ৰীৰ এটা টোপোলা উপহাৰ হিচাপে প্ৰদান কৰে ৷
    Published by:Himangshu Bhuyan
    First published: