‘পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াতো বলিয়ালী’- প্ৰতিক্ৰিয়া প্ৰকাশ জুবিন গাৰ্গৰ

News18 Assam | News18-Assam
Updated:November 6, 2020, 10:20 PM IST
‘পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াতো বলিয়ালী’- প্ৰতিক্ৰিয়া প্ৰকাশ জুবিন গাৰ্গৰ
শিলচৰৰ বিমান বন্দৰত বদৰুদ্দিন আজমলক আদৰণি জনোৱাৰ সময়ত একাংশ সমৰ্থকে  পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া বুলি অভিযোগ উত্থাপিত হৈছে।

শিলচৰৰ বিমান বন্দৰত বদৰুদ্দিন আজমলক আদৰণি জনোৱাৰ সময়ত একাংশ সমৰ্থকে  পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া বুলি অভিযোগ উত্থাপিত হৈছে।

  • Share this:
শিলচৰৰ বিমান বন্দৰত বদৰুদ্দিন আজমলক আদৰণি জনোৱাৰ সময়ত একাংশ সমৰ্থকে  পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া বুলি অভিযোগ উত্থাপিত হৈছে। এটা ভাইৰেল ভিডিঅ’ক কেন্দ্ৰ কৰি সূচনা হৈছে বিতৰ্কৰ। কিন্তু বদৰুদ্দিন আজমলে নস্যাত্‍ কৰিছে এই কথা। আজমলৰ মতে, পাকিস্তান জিন্দাবাদ নহয়, আজিজ খান জিন্দাবাদ ধ্বনিহে দিয়া হৈছিল বিমান বন্দৰত।

এতিয়া ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। বৰ্তমান তেজপুৰত ড০ বেজবৰুৱা ২ৰ শ্বুটিঙৰ ব্যস্ত থকা জুবিন গাৰ্গে কয় যে, ‘পাকিস্তান জিন্দাবাদ ইয়াত দি লাভ নাই ৷ হিন্দুস্তান হিন্দুস্তানেই ৷ পাকিস্তান পাকিস্তানেই ৷ গতিকে তেওঁলোকো সাৱধান হোৱাটো ভাল ৷ আমাৰো পাৱাৰ আছে ৷ আমি সদায় একত্ৰিত হৈয়েই থাকিম আৰু সদায় ভালদৰে থাকিম ৷ পাকিস্তান জিন্দাবাদ দিয়াটো বলিয়ালী ৷ ঘটনাস্থলীত মজুত থকা আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল ৷ আচলতে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে৷”

জুবিন গাৰ্গে লগতে কয় যে, তেওঁ  প্ৰধানমন্ত্ৰী হোৱা হেতেন অতদিনে পাকিস্তানখন দখল কৰিলে হেতেন।
Published by: Himangshu Bhuyan
First published: November 6, 2020, 10:20 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি