உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘এনেই বাংলাদেশীৰ উৎপাতত থাকিব পৰা নাই, তাতে আকৌ মিঞা মিউজিয়া লাগে’ – জাগীৰোডত ক’লে জুবিন গাৰ্গে

    ‘এনেই বাংলাদেশীৰ উৎপাতত থাকিব পৰা নাই, তাতে আকৌ মিঞা মিউজিয়া লাগে’ – জাগীৰোডত ক’লে জুবিন গাৰ্গে

    অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰক লৈ জুবিনে কয় যে অৰ্ণৱৰ সৈতে মোৰ ভাল সম্পৰ্ক। গোচৰটো সোনকালে সমাপ্ত হ’লে ভাল।

    অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰক লৈ জুবিনে কয় যে অৰ্ণৱৰ সৈতে মোৰ ভাল সম্পৰ্ক। গোচৰটো সোনকালে সমাপ্ত হ’লে ভাল।

    অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰক লৈ জুবিনে কয় যে অৰ্ণৱৰ সৈতে মোৰ ভাল সম্পৰ্ক। গোচৰটো সোনকালে সমাপ্ত হ’লে ভাল।

    • Share this:
    ৰাজ্যত এতিয়া মিঞা মিউজিয়ামক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া। বিধায়ক শ্বেৰমান আলীয়ে শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়ামৰ পোষকতা কৰাৰ পিছৰে পৰা গৰম ৰাজ্যৰ ৰাজনীতি। আজি জাগীৰোডত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে।

    মিঞা মিউজিয়াম সন্দৰ্ভত জুবিন গাৰ্গে কয় – ‘এনেই বাংলাদেশীৰ উৎপাতত থাকিব পৰা নাই অসমত, তাতে মিঞা মিউজিয়াম লাগে।’ আজমল মুখ্যমন্ত্ৰী হ’ব বুলি উত্থাপিত বিষয় সন্দৰ্ভত জুবিনে কয় যে সকলোৱে মুখ্যমন্ত্ৰী হ’ব খুজিলেই হ’ব নেকি? ৰাইজেহে পাতিব মুখ্যমন্ত্ৰী।

    আনহাতে, অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰক লৈ জুবিনে কয় যে অৰ্ণৱৰ সৈতে মোৰ ভাল সম্পৰ্ক। গোচৰটো সোনকালে সমাপ্ত হ’লে ভাল।

    উল্লেখ্য যে আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ নৱম মৃত্যুবাৰ্ষিকীত জাগীৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিত উপস্থিত হয় যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ৷ সীতাজখলাৰ ব্ৰেণ্ড এম্বেছাডৰ জুবিনে পুষ্পাঞ্জলি অৰ্পণ কৰে সুধাকণ্ঠৰ প্ৰতিচ্ছবিত৷ ইয়াৰ সমান্তৰালকৈ সীতাজখলাক অসমৰ বিভিন্ন প্ৰান্তত লৈ যোৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বুলিও জনায় জুবিনে৷
    Published by:Sanjay Kumar Das
    First published: