বান সাহায্য মই চাৰি লাখ দিছো,বাৰ লাখ তুলিছো:জুবিন গাৰ্গ

অনুষ্ঠানৰ আৰম্ভণিতে জুবিনে কলে, মই ভাগৰুৱা বেছি গান নাগাও,হিন্দী গীত ৰিক্সাৱালায়ো গাই বুলি মন্তব্য জুবিনৰ!

News18-Assam
Updated:July 26, 2019, 10:55 PM IST
বান সাহায্য মই চাৰি লাখ দিছো,বাৰ লাখ তুলিছো:জুবিন গাৰ্গ
অনুষ্ঠানৰ আৰম্ভণিতে জুবিনে কলে, মই ভাগৰুৱা বেছি গান নাগাও,হিন্দী গীত ৰিক্সাৱালায়ো গাই বুলি মন্তব্য জুবিনৰ!
News18-Assam
Updated: July 26, 2019, 10:55 PM IST
পূৰ্ণবিকাশ সংস্থাই আয়োজন কৰা পাঞ্জা প্ৰতিযোগিতাৰ সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গৰ বিশেষ মন্তব্য। অনুষ্ঠানৰ আৰম্ভণিতে জুবিনে ক’লে, মই ভাগৰুৱা বেছি গান নাগাও৷ চিনেমা আৰু বানসাহাৰ্যত ব্যস্ত হৈ থকাৰ বাবে ভাগৰুৱা বুলি মন্তব্য কৰে জুবিন গাৰ্গে। লগতে জুবিন গাৰ্গে আজিকালি লৰা ছোৱালীয়ে অসমীয়া কথা নকয় বুলি উল্লেখ কৰাৰ লগতে, তেওঁ নিজে সাতটা ভাষা জানে বুলি মন্তব্য কৰে। ৰাজ্যত অব্যাহত থকা বান পৰিস্থিতি সন্দৰ্ভতো জুবিনৰ বিশেষ মন্তব্য। জুবিন গাৰ্গে বান সাহায্য চাৰি লাখ দিয়া বুলি উল্লেখ কৰাৰ লগতে ১২ লাখ টকা সাহায্য হিচাপে লাভ কৰা বুলি জনায়।

জুবিনৰ নতুন চিনেমা কাঞ্চনজংঘাৰ উদ্ধৃতি দি পুনৰ জুবিনৰ মুখত লগুণ প্ৰসংগই স্থান পায়।সংগীতানুষ্ঠানৰ মাজতে জুবিনৰ কয় যে তেওঁ তিনিদিন ধৰি মদ খাই থকাৰ লগতে,১৮ ঘন্টাকৈ কাম কৰি আছো৷ কাঞ্চনজংঘাৰ কাম৷ সকলোৱে চাব লাগিব৷ নাচালে আৰু মদ খাম বুলি মন্তব্য কৰে।

হিন্দী গীতৰ প্ৰসংগতো জুবিনৰ মন্তব্য। হিন্দী গানৰ অনুৰোধত জুবিনৰ মন্তব্য ‘আজিকালি হিন্দী নাগাও,ইংলিচ হে গাও৷’ হিন্দী গীত  ৰিক্সাৱালায়ো গাই বুলি উল্লেখ কৰে।

 

কি ক’লে জুবিন গাৰ্গে, চাওক ভিডিঅ’


 
আৰু চাওক পৰৱৰ্তী বাতৰি