শনিবাৰে সৰুসজাইত অনুষ্ঠিত হ’ল বলীউদৰ সৰ্ববৃহৎ এৱাৰ্ড শ্ব’ ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২০। ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানৰ সমানে সমানে চৰ্চিত হ’ল ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানত জুবিন গাৰ্গৰ উপস্থিতি। ফিল্মফেয়াৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে জুবিন গাৰ্গৰ ফটো মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰিল ছ’চিয়েল মিডিয়াত। বনজুইৰ দৰে বিয়পি পৰিল জুবিন গাৰ্গে মুখ্যমন্ত্ৰীক আলিংগন কৰাৰ ফটো।
উল্লেখযোগ্য যে ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিম বুলি কৈছিল জুবিন গাৰ্গে। ফিল্মফেয়াৰ অনুষ্ঠান অসমৰ বাবে ভাল বুলিও মন্তব্য কৰিছিল জুবিনে। অৱশেষত শনিবাৰে বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত হ’ল জুবিন। তাৰ পিছতেই বহুতৰে সমালোচনাৰ সন্মুখীনো হ’ল শিল্পীগৰাকী। নাগৰিকত্ব সংশোধনী আইনৰ ঘোৰ বিৰোধিতা কৰি আহিছে জুবিনে। বিভিন্ন সময়ত সকীয়নি প্ৰদান কৰিছে ৰাজ্য চৰকাৰক। কিন্তু তাৰ মাজতে মুখ্যমন্ত্ৰী আৰু জুবিনৰ সাক্ষাতৰ এই ফটোৱে ব্যাপক চৰ্চা লাভ কৰিছে ছচিয়েল মিডিয়াত।

আনহাতে, এই অনুষ্ঠানৰ পূৰ্বে এটা ভিডিঅ’ত জুবিনে কয় যে মিউজিক, খেল এইবোৰক পলিটিকেল কৰিলে মই বেয়া পাওঁ। বলীউদৰ অভিনেতা–অভিনেত্ৰীসকল আহিছে, আমি হোষ্ট কৰিছো, গতিকে মই তাত থকাটো উচিত বুলি মই ভাবো। CAA বিৰোধী আন্দোলন সদায় আব্যাহত থাকিব, তাৰ লগত ফিল্মফেয়াৰৰ একো সম্পৰ্ক নাই। বিজেপি চৰকাৰ আছে বাবে বিজেপিয়ে পইচা দিছে, কংগ্ৰেছ থাকিলে কংগ্ৰেছে পইচা দিবলগীয়া হ’লহেঁতেন। যি চৰকাৰেই থাকক হোষ্টিঙৰ বাবে পইচা দিবলগীয়া হ’লহেঁতেন। এতিয়া বিজেপি আছে, বিজেপিয়ে দিছে।
‘মই CAAৰ আন্দোলনৰ পৰা আঁতৰি যোৱা নাই। প্ৰথমবাৰৰ বাবে এই শ্ব’ মুম্বাইৰ বাহিৰত হৈছে, গুৱাহাটীত হৈছে। মই ভাবো সকলোৱে ইয়াক সমৰ্থন জনাব লাগে। তেওঁলোক আহিলেহে জানিব আমি কি? টিভিত চাই থাকিলে নহ’ব নহয়। একাংশ শিল্পীয়ে ফিল্মফেয়াৰৰ বিৰোধিতা কৰাক লৈ জুবিনে কয় যে তেওঁলোকৰ ধ্যান–ধাৰণা বেলেগ। মোক টাইম্ছ গ্ৰুপৰ পৰা মাতিছে, সেইবাবে মই যাম।’ – মন্তব্য জুবিন গাৰ্গৰ।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : February 16, 2020, 10:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।