ক্ৰমাৎ সুস্থ হৈ উঠিছে জুবিন গাৰ্গ। বিগত কেইবা দিন ধৰি গুৱাহাটী মহানগৰীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ থকা জুবিন গাৰ্গ দেওবাৰে ৰাওনা হৈছে মুম্বাইলৈ। হাস্পতালৰ পৰা ওলোৱাৰ সময়ত জুবিন গাৰ্গক ওচৰৰ পৰা চাবলৈ চিকিৎসালয়ত ভিৰ কৰিছিল বহু শুভাকাংক্ষীয়ে।
পৰিয়ালৰ লোকৰ পৰা পোৱা খবৰ অনুযায়ী জুবিন গাৰ্গে মুম্বাইৰ আন্ধেৰিৰ নিজ বাসগৃহত কিছু দিন জিৰণি ল’ব। কেইদিনমানৰ জিৰণিৰ পিছত পুনৰ অসমলৈ উভতি আহি নতুন ছবিৰ কামত হাত দিব জুবিন গাৰ্গে। উল্লেখযোগ্য যে, শনিবাৰে নেমকেয়াৰ হাস্পতালত অংগৰাগ মহন্তই সাক্ষাৎ কৰে জুবিন গাৰ্গক।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|