உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • 'এজন দৌৰিব পৰা মুখ্যমন্ত্ৰী বিচাৰো'-হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত জুবিন গাৰ্গ!

    'এজন দৌৰিব পৰা মুখ্যমন্ত্ৰী বিচাৰো'-হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত জুবিন গাৰ্গ!

    কোন হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? কেতিয়া গঠন হ'ব মন্ত্ৰী পৰিষদ?

    কোন হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? কেতিয়া গঠন হ'ব মন্ত্ৰী পৰিষদ?

    কোন হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? কেতিয়া গঠন হ'ব মন্ত্ৰী পৰিষদ?

    • Share this:
    কোন হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? কেতিয়া গঠন হ'ব মন্ত্ৰী পৰিষদ? এইলৈ এতিয়া ৰাজ্যজুৰি চলিছে ব্যাপক চৰ্চা। বিভিন্ন মহলত হোৱা আলোচনা অনুসৰি, হিমন্ত বিশ্ব শৰ্মা অথবা সৰ্বানন্দ সোণোৱালৰ ভিতৰত যিকোনো এজনেই শুকুৰবাৰে ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব।

    বৃহস্পতিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত উপস্থিত হ'ল জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গ। পিছে জুবিন গাৰ্গে কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে? এই সন্দৰ্ভত জুবিন গাৰ্গে কয় যে, 'মই এজন ডাইনেমিক, এগ্ৰেচীভ,দৌৰিব পৰা মুখ্যমন্ত্ৰী বিচাৰো। পৰিস্থিতি জটিল। এইসময়ত এজন দৌৰিব পৰা মুখ্যমন্ত্ৰী লাগে। দুয়োজন ককাইদেৱেই আপোন। এইমুহূৰ্তত কাৰো নাম নলও।'

    ইফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগ ধৰি জুবিন গাৰ্গে নিজৰ কাহিলীপাৰাৰ বাসগৃহটো কোভিড কেয়াৰ চেণ্টাৰ হিচাপে দিব বিচাৰে বুলি উল্লেখ কৰে। আনহাতে কোৰোণাৰ বাবে বিহুৰ অনুষ্ঠান আধাতে সামৰিবলগীয়া হোৱা শিল্পীসকলৰ বাবে ডিচেম্বৰ মাহত বিশেষ অনুষ্ঠান পাতি শিল্পীসকলক সহায় কৰাৰ পৰিকল্পনাৰ বিষয়েও মন্ত্ৰী হিমন্তক অৱগত কৰে জুবিন গাৰ্গে।
    Published by:Himangshu Bhuyan
    First published: