ক্ৰমাৎ সুস্থ হৈ উঠিছে জুবিন গাৰ্গ। সুস্থ হৈ উঠিছে যদিও এতিয়াও নেমকেয়াৰ হাস্পতালৰ আই চি ইউতে ৰখা হৈছে জুবিনক। চিকিৎসকৰ মতে, জুবিনক শাৰীৰিক আৰু মানসিক জিৰণিৰ প্ৰয়োজন। হাস্পতালৰ পৰা ওলাই গ’লেই আকৌ নিজৰ কাম, মানুহৰ মাজত ব্যস্ত হৈ পৰিব জুবিন গাৰ্গ। সেয়েহে হাস্পতালতে জুবিনক জিৰণি ল’বলৈ পৰামৰ্শ দিছে চিকিৎসকে।
হাস্পতালৰ ICUৰ ভিতৰতে জুবিনে খোজ কাঢ়িছে, ভালদৰে গ্ৰহণ কৰিছে আহাৰ। মাজে মাজে কাণত হেডফোন লৈ শুনিছে গান। নেমকেয়াৰ হাস্পতালৰ চিকিৎসকে জনোৱা অনুসৰি, মানুহৰ মাজত থাকি ভালপোৱা জুবিনে হাস্পতালৰ পৰা ওলাই আহিব বিচাৰে। কিন্তু অন্তত তিনি–চাৰিদিন হাস্পতালতে বিশ্ৰাম ল’বলৈ জুবিনক পৰামৰ্শ দিছে চিকিৎসকে।
জুবিনৰ স্বাস্থ্যৰ খবৰ তেওঁৰ ফেচবুক পেজযোগে অনুৰাগীসকলক জনাই আছে টীম জুবিন গাৰ্গে। জুবিনৰ প্ৰতিদিনৰ খবৰ তেওঁৰ ফেচবুক পেজত শ্বেয়াৰ কৰিছে অনুৰাগীসকলৰ বাবে। সকলোৱে কামনা কৰিছে, জুবিন সোনকালে সম্পূৰ্ণৰূপে সুস্থ হৈ উঠক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|