‘নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন জুবিন গাৰ্গে নিজৰ সুবিধাৰ বাবে কৰিছিল। আৰু সেই কথা এতিয়া স্পষ্ট হৈ পৰিছে। নাগৰিকত্ব সংশোধনী আন্দোলন ৰাজনৈতিক মুনাফাৰ বাবে কৰা হৈছিল। আন্দোলন কৰি সাংসদ হ’ল অজিত্ কুমাৰ ভূঞা, ৰাজনৈতিক দল খুলিলে লুৰিণজ্যোতি গগৈয়ে।’ -মাজুলীত উপস্থিত হৈ এই বিস্ফোৰক অভিযোগ কণ্ঠশিল্পী তথা বিজেপি নেতা বিদ্যাসাগৰে।
বিদ্যাসাগৰে কয় যে, প্ৰগতি য’ত ভাল মানুহ সেই ঠাইত। দুৰ্নীতি বিজেপিত নাই কাৰণেই ভাল মানুহ বিজেপিলৈ আহিছে। নেতা হ’বলৈ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন হৈছিল অসমত। ৰাজনৈতিক সমীকৰণেৰে আন্দোলনক লৈ যোৱা হৈছিল।আৰু সেয়া এতিয়া স্পষ্ট। ২০২১ৰ নিৰ্বাচনত ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব।