• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰিজ’ৰ্টৰ বাথৰুমত পৰি আঘাতপ্ৰাপ্ত জুবিন, মূৰত পৰিছে ৫টাকৈ চিলাই, প্ৰয়োজনত দিল্লীলৈ নিয়াৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ৰিজ’ৰ্টৰ বাথৰুমত পৰি আঘাতপ্ৰাপ্ত জুবিন, মূৰত পৰিছে ৫টাকৈ চিলাই, প্ৰয়োজনত দিল্লীলৈ নিয়াৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

মূৰৰ পিছফালে আঘাত পাইছে জুবিনে। পৰাৰ সময়ত মূৰৰ পৰা তেজো ওলাইছিল জুবিনৰ। মূৰত চিলাই পৰিছে জুবিনৰ। বৰ্তমান জুবিনৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।

  • Share this:
বাথৰুমত পৰি আহত হৈছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত চিকিৎসাধীন হৈ আছে জুবিন। সোমবাৰে জোনাইত অনুষ্ঠান পৰিৱেশন কৰি মঙলবাৰে ডিব্ৰুগড়লৈ আহিছিল জুবিন। ডিব্ৰুগড়ৰ মনোহাৰী ৰিজ’ৰ্টত আছিল শিল্পীগৰাকী। ৰি’জৰ্টৰ বাথৰূমতে পৰি আঘাতপ্ৰাপ্ত হয় জুবিন।

মূৰৰ পিছফালে আঘাত পাইছে জুবিনে। পৰাৰ সময়ত মূৰৰ পৰা তেজো ওলাইছিল জুবিনৰ। মূৰত চিলাই পৰিছে জুবিনৰ। বৰ্তমান জুবিনৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।

চিকিৎসকে কোৱা মতে, ডিহাইড্ৰেচনৰ সমস্যাত ভুগিছে জুবিন। অনিয়মীয়া খোৱা–লোৱাৰ বাবে এনেধৰণৰ সমস্যা হৈছে শিল্পীগৰাকীৰ। ইতিমধ্যে জুবিনৰ চিটি স্কেন কৰা হৈছে, দিয়া হৈছে চেলাইন।

আনহাতে, জুবিনৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। জুবিনৰ স্বাস্থ্যক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰীয়ে প্ৰয়োজন হ’লে জুবিনক গুৱাহাটী অথবা দিল্লীলৈ নিয়াৰ পৰামৰ্শ দিছে ডিব্ৰুগড় জিলা প্ৰশাসনক। বৰ্তমান বিশেষজ্ঞ চিকিত্‍সকৰ তত্বাৱধানত আছে জুবিন গাৰ্গ।
Published by:Sanjay Kumar Das
First published: