உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ডিব্ৰুগড়ত জুবিন গাৰ্গে মুকলি কৰিলে 'জুবিন পথ’

    ডিব্ৰুগড়ত জুবিন গাৰ্গে মুকলি কৰিলে 'জুবিন পথ’

    নিজৰ নামেৰে নামকৰণ কৰা এটা পকী পথ দেওবাৰে ডিব্ৰুগড়ত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে।

    নিজৰ নামেৰে নামকৰণ কৰা এটা পকী পথ দেওবাৰে ডিব্ৰুগড়ত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে।

    নিজৰ নামেৰে নামকৰণ কৰা এটা পকী পথ দেওবাৰে ডিব্ৰুগড়ত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে।

    • Share this:
    "মোৰ মৃত্যুৰ পূৰ্বে মোৰ নামত এটা আটক ধুনীয়া পথ মুকলি কৰিবলৈ পাই মই বহুত সুখী" – আজি নিজৰ নামত নামকৰণ কৰা এটা পথ মুকলি কৰি ডিব্ৰুগড়ত এই মন্তব্য জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গৰ।

    ডিব্ৰুগড়ৰ বৈৰাগীমঠত জুবিনৰ পথ। নিজৰ নামেৰে নামকৰণ কৰা এটা পকী পথ দেওবাৰে ডিব্ৰুগড়ত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে।

    গৌতম বৰদলৈ নামৰ এজন প্ৰকৃতিপ্ৰেমী, উদ্যমী যুৱকে নিজৰ একক প্ৰচেষ্টাৰে নিৰ্মাণ কৰি উলিওৱা এই পথটোৰ কাষৰ দেৱালত আটক ধুনীয়াকৈ অংকন কৰিছে ড০ ভূপেন হাজৰিকা, জুবিন গাৰ্গ, খগেন মহন্ত, পাপন, জয়ন্ত হাজৰিকা, বিষ্ণু ৰাভাৰ আদি শিল্পীৰ প্ৰতিচ্ছবি।

    ইয়াৰ পূৰ্বেও এইজন উদ্যমী সমাজকৰ্মী যুৱকে ডিব্ৰুগড়ৰ বৈৰাগীমঠত একক প্ৰচেষ্টাৰে নিজ পিতৃ হেমবৰ বৰদলৈ নামেৰে এটা পথ নিৰ্মাণ কৰি ৰাইজৰ বাবে উছৰ্গা কৰিছিল। আৰু আজি  নিজৰ চেষ্টাৰে নিৰ্মাণ কৰা দ্বিতীয়টো পথ নিৰ্মাণ কৰি ৰাইজৰ বাবে উছৰ্গা কৰে।চহৰখনৰ তিনি নং ৱাৰ্ডৰ বৈৰাগীমঠত এই পথটো মুকলি কৰি জুবিন গাৰ্গে যথেষ্ট সুখী অনুভৱ কৰাৰ লগতে অসমৰ বাট–পথসমূহ উন্নয়ন কৰা দিশত চৰকাৰে বহু কাম কৰিবলগীয়া আছে বুলিও মন্তব্য কৰে।
    Published by:Sanjay Kumar Das
    First published: