অৰূপ বৰবৰাৰ পুত্ৰক প্ৰহাৰ কৰা জুবিনক আদালতৰ শাস্তি

জুবিন গাৰ্গে দুবছৰলৈ কোনো ধৰণৰ আইন উলংঘা নকৰাৰ প্ৰতিশ্ৰুতি দিব লাগিব ন্যায়ালয়ক।

news18assam
Updated:June 7, 2019, 10:10 PM IST
অৰূপ বৰবৰাৰ পুত্ৰক প্ৰহাৰ কৰা জুবিনক আদালতৰ শাস্তি
জুবিন গাৰ্গে দুবছৰলৈ কোনো ধৰণৰ আইন উলংঘা নকৰাৰ প্ৰতিশ্ৰুতি দিব লাগিব ন্যায়ালয়ক।
news18assam
Updated: June 7, 2019, 10:10 PM IST
জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰা পুত্ৰক প্ৰহাৰ কৰা গোচৰ সন্দৰ্ভত জুবিন গাৰ্গক আদালতে  লাঘৱ কৰিলে শাস্তি। ৩ মাহৰ কাৰাদণ্ডৰ শাস্তিৰ পৰা ন্যায়ালয়ে ৰেহাই দিলে  শিল্পী জুবিন গাৰ্গক। কিন্তু জুবিন গাৰ্গক ন্যায়লয়ে গোচৰ সম্পৰ্কত বান্ধি দিছে অন্য কিছু নীতি নিৰ্দেশনা। জুবিন গাৰ্গে দুবছৰলৈ কোনো ধৰণৰ আইন উলংঘা নকৰাৰ প্ৰতিশ্ৰুতি দিব লাগিব ন্যায়ালয়ক। সেইদৰে গোচৰ সংক্ৰান্তত  জৰিমনাৰ পৰিমাণ বৃদ্ধি কৰিলে আদালতে। ৫ হাজাৰৰ পৰা ২০ হাজাৰ টকালৈ বৃদ্ধি কৰা হ’ল জৰিমনা। ২০০৩ চনত হোৱা ঘটনাৰ সন্দৰ্ভত আদালতে দিছে এই ৰায়দান। ২০০৩ চনত মাজ ৰাস্তাত জুবিন গাৰ্গে প্ৰহাৰ কৰিছিল অভিবক্তাজনৰ পুত্ৰক।

 
আৰু চাওক পৰৱৰ্তী বাতৰি