তৰুণ গগৈৰ খবৰ ল’বলৈ নিশা ডেৰ বজাত GMCHত জুবিন, ক’লে – 'মোৰ মাৰো এনেকুৱা অৱস্থা হৈছিল'

News18 Assam | News18-Assam
Updated:November 22, 2020, 11:56 AM IST
তৰুণ গগৈৰ খবৰ ল’বলৈ নিশা ডেৰ বজাত GMCHত জুবিন, ক’লে – 'মোৰ মাৰো এনেকুৱা অৱস্থা হৈছিল'
‘‘মই তেওঁক ৰাজনীতিক বুলি নাভাবো, এজন মানুহ বুলি ভাবো। মোৰ লগত তেওঁ কেতিয়াও ৰাজনীতিৰ কথা নাপাতে, সদাই সংস্কৃতিৰ কথা, মানুহৰ কথা আদি বিভিন্ন বিষয়ত কথা পাতে।’’ – ক’লে জুবিন গাৰ্গে।

‘‘মই তেওঁক ৰাজনীতিক বুলি নাভাবো, এজন মানুহ বুলি ভাবো। মোৰ লগত তেওঁ কেতিয়াও ৰাজনীতিৰ কথা নাপাতে, সদাই সংস্কৃতিৰ কথা, মানুহৰ কথা আদি বিভিন্ন বিষয়ত কথা পাতে।’’ – ক’লে জুবিন গাৰ্গে।

  • News18 Assam
  • Last Updated: November 22, 2020, 11:56 AM IST
  • Share this:
জি এম চি এইচত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। গগৈৰ অৱস্থা বৰ্তমান সংকটজনক। মেকানিকেল ভেণ্টিলেচনত ৰখা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। নিশা তৰুণ গগৈৰ খবৰ ল’বলৈ জি এম চি এইচত উপস্থিত হয় জুবিন গাৰ্গ। নিশা ডেৰ বজাত জি এম চি এইচত উপস্থিত হৈ গগৈৰ খবৰ লয় জুবিনে।

সংবাদ মাধ্যমৰ আগত জুবিনে কয় – ‘‘তৰুণ গগৈ ছাৰক মই ভাল পাওঁ। মোক খুব মৰম কৰে। আগতে আহিব বিচাৰিছিলো যদিও কোৰোণাৰ বাবে আহিব পৰা নাছিলো। আজি গ’লো, চালো। এতিয়া ৰিক’ভাৰীটো যদি মেজিকেল হয়, তেন্তে ভাল হ’ব।’’

‘‘মই তেওঁক ৰাজনীতিক বুলি নাভাবো, এজন মানুহ বুলি ভাবো। মোৰ লগত তেওঁ কেতিয়াও ৰাজনীতিৰ কথা নাপাতে, সদাই সংস্কৃতিৰ কথা, মানুহৰ কথা আদি বিভিন্ন বিষয়ত কথা পাতে। সকলোৱে প্ৰাৰ্থনা কৰক, তৰুণ গগৈ ছাৰ যাতে আকৌ সুস্থ হৈ উঠে।’’ – ক’লে জুবিন গাৰ্গে।
Published by: Sanjay Kumar Das
First published: November 22, 2020, 11:56 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading